গুৱাহাটী, 15 অক্টোবৰঃ সোমবাৰে নিশা মহানগৰীৰ গাড়ীগাঁৱত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ ড্ৰাগছ বেচা কিনা কৰি থাকোঁতেই ৰাইজে খেদি খেদি কৰায়ত্ব কৰে দুজনকৈ যুৱকক৷ যুৱক দুজনৰ পৰা উদ্ধাৰ হয় বৃহৎপৰিমানৰ নিচাজাতীয় দ্ৰব্য৷ ধৃত যৱক দুজনৰ নাম মকিব আলী আৰু মাইকেল৷ দুয়োজন যুৱককে স্থানীয় ৰাইজে আটক কৰি আৰক্ষীক গটাই দিয়ে৷ আনহাতে, ঘটনাস্থলীৰ পৰা পলাই সাৰিবলৈ সক্ষম হয় কেইবাগৰাকীও ড্ৰাগছ ব্যৱসায়ী৷ জনৈক মফিজুল, মুগলি, পানি, ৰিজু, ৰজেন নামৰ যুৱককেইজনেও নিচাযুক্ত সামগ্ৰী বিক্ৰী কৰাৰ অভিযোগ ধৃত দুই যুৱকৰ৷
মহানগৰীৰ গাড়ীগাঁৱত আটক ড্ৰাগছ ব্যৱসায়ী - অপৰাধ অনুসন্ধান শাখা
মহানগৰীৰ গাড়ীগাঁৱত আটক ড্ৰাগছ ব্যৱসায়ী ৷ ধৃত যৱক দুজনৰ নাম মকিব আলী আৰু মাইকেল ৷ ড্ৰাগছ বেচা কিনা কৰি থাকোঁতেই ৰাইজে খেদি খেদি কৰায়ত্ব কৰে দুজনকৈ যুৱকক৷

মহানগৰীৰ গাড়ীগাঁৱত আটক ড্ৰাগছ ব্যৱসায়ী
মহানগৰীৰ গাড়ীগাঁৱত আটক ড্ৰাগছ ব্যৱসায়ী
উল্লেখ্য যে, কিছু মাহ পূৰ্বে ড্ৰাগছ বিক্ৰী কৰি অপৰাধ অনুসন্ধান শাখাৰ জালত পৰিছিল মফিজুল নামৰ ড্ৰাগছ সৰবৰাহকাৰীটো। কিন্তু ৰঙাঘৰৰ পৰা ওলায়ে পুনৰ মফিজুলে আৰম্ভ কৰিছে মাৰাত্মক ড্ৰাগছৰ কলা বেহা ৷ লগতে একাংশ ফাৰ্মাচীতো সহজলভ্য হৈ পৰিছে নিচাযুক্ত টেবলেট আৰু কফচিৰাপ৷ কিন্তু এইসমূহ দেখিও সম্পূৰ্ণ ভূমিকা পালন কৰিছে আৰক্ষী প্ৰশাসনে৷ সেয়েহে এইসমূহ ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হ'বলৈ দাবী স্থানীয় ৰাইজৰ৷