অসম

assam

By

Published : Jun 6, 2021, 1:03 PM IST

ETV Bharat / state

ৰঙিয়াত ‘জীৱন অনুপম’ৰ ব্যতিক্ৰমী পদক্ষেপ

পৰিৱেশ সজাগতাৰ লক্ষ্যৰে ৰঙিয়াত ‘জীৱন অনুপম’(Jiban Anupam) নামৰ স্বেচ্ছাসেৱী সংগঠনৰ এক ব্যতিক্ৰমী পদক্ষেপ ৷ সংগঠনটোৱে ড্ৰাগছ আসক্ত(drugs Addict) সকলৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াসেৰে সজাগতা সভা অনুষ্ঠিত কৰে ৷

ৰঙিয়াত ‘জীৱন অনুপম’ৰ ব্যতিক্ৰমী পদক্ষেপ
ৰঙিয়াত ‘জীৱন অনুপম’ৰ ব্যতিক্ৰমী পদক্ষেপ

ৰঙিয়া,6 জুন: সমগ্ৰ বিশ্বজুৰি পৰিৱেশৰ দিৱসৰ দিনটোত প্ৰকৃতি সংৰক্ষণৰ হকে বিভিন্ন ব্যক্তি তথা সামাজিক সংগঠনে পদক্ষেপ গ্ৰহণ কৰি আহিছে । এনে সময়তে পৰিৱেশ সজাগতাৰ লক্ষ্যৰে ৰঙিয়াত জীৱন ‘অনুপম’(Jiban Anupam) নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে গ্ৰহণ কৰিছে ব্যতিক্ৰমী পদক্ষেপ ।

ইয়াৰ লগতে সংগঠনটোৱে সম্প্ৰতি মৃত্যুমুখী যাত্ৰাৰ প্ৰতি তিল তিলকৈ ধাৱমান হোৱা ড্ৰাগছ আসক্তসকলৰ মাজতো সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছে । এনে এক প্ৰয়াসৰ আধাৰত শনিবাৰে সংগঠনটোৰ উদ্যোগত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা অনুষ্ঠিত কৰা হয় । ৰঙিয়াৰ ঐতিহাসিক কৃষক শ্বহীদ ভৱনত অনুষ্ঠিত সভাখনত যুৱ সমাজকৰ্মী পংকজ ডেকাই আঁত ধৰে ।

উল্লেখ্য যে, উক্ত সভাখনত ৰঙিয়াৰ স্থানীয় বিধায়ক ভৱেশ কলিতাৰ লগতে মহকুমা আৰক্ষী বিষয়া মৃগাক্ষী ডেকা, ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰতন দাস, আছু নেতা হেমন্ত দাস, স্বেচ্ছাসেৱী সংগঠন পথৱেইজ ফাউণ্ডেচনৰ কৰ্মকৰ্তা চন্দন ডেকাৰ প্ৰমুখ্যে আন বহুকেইগৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে । বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত সংগঠনটোৰ ফালৰ পৰা মৃত্যুদুতৰূপী ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্যৰে গ্ৰহণ কৰা ব্যতিক্ৰমী পদক্ষেপে সমাজত এক ইতিবাচক বাৰ্তা বহণ কৰিছে ।

লগতে পঢ়ক : বৰ্ষাৰ আগমণৰ লগে লগে কাজিৰঙাত বহিছে প্ৰকৃতিৰ ৰঙৰ মেলা

ABOUT THE AUTHOR

...view details