বৰপেটা ২৩ চেপ্তেম্বৰ: নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত সৰ্থেবাৰী আৰক্ষীৰ । আভিযানত দেওবাৰে নিশা কুকাৰপাৰত জব্দ কৰিলে বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট, কফচিৰাপৰ বটলৰ লগতে কন্টেইনাৰ । ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ ব্যৱসায়ী মুকুট আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত সৰ্থেবাৰী আৰক্ষীয়ে কুকাৰপাৰ গাঁৱৰ যুৱক ফৰিদুল হকৰ ঘৰত নিশা অভিযান চলাই যুৱকজনৰ পৰা কেইবাটাও ড্ৰাগছৰ কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে আন এজন ড্ৰাগছ ব্যৱসায়ী ফৰিদুল হকক আৰক্ষীয়ে আটক কৰি সোধপোচ অব্যাহত ৰাখে । ফৰিদুল হকে দীৰ্ঘদিন ধৰি নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে ।তাৰোপৰি মহিদুল ইছলাম নামৰ যুৱক এজনৰ ঘৰতো অভিযান চলাই বৃহৎ পৰিমাণৰ কফচিৰাপৰ বটল আৰু নিচাজাতীয় টেবলেট জব্দ কৰে আৰক্ষীয়ে । আনহাতে, আৰক্ষী যোৱাৰ উমান পাই মহিদুল ইছলাম পলাই যায় । সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জন বড়োৰ নেতৃত্বত চলিছিল এই অভিযান ।
বৰপেটাত আৰু কামৰূপত নিচাজাতীয় দ্ৰৱৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা ড্ৰাগছ ব্যৱসায়ী মুকুট আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত সৰ্থেবাৰী আৰক্ষীয়ে কুকাৰপাৰ গাঁৱৰ যুৱক ফৰিদুল হকৰ ঘৰত নিশা অভিযান চলাই যুৱকজনৰ পৰা কেইবাটাও ড্ৰাগছৰ কন্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়
বৰপেটাত জব্দ নিষিদ্ধ ড্ৰাগছ
আনহাতে, দূৰ্গা পূজাৰ প্ৰাক মূহুৰ্তত কামৰূপৰ দদৰা আৰক্ষীৰ সুৰাৰ বিৰুদ্ধে আন এক সফলতা । আৰক্ষীৰ অভিযানত জব্দ তিনি লক্ষাধিক টকাৰ 31 কাৰ্টন বিলাতী সুৰাৰ লগতে এখন ইন'ভা গাড়ী ৷ গোপন সূত্ৰৰ ভিত্তিতে চলোৱা অভিযানত জব্দ হৈছে এই বৃহৎ পৰিমাণৰ অবৈধ বিলাতী সুৰাৰ লগতে AS-12T-6872 নম্বৰৰ সুৰা কঢ়িয়াই অনা বিলাসী বাহন খন । গুৱাহাটী দিশৰ পৰা হাজো অভিমুখে আহি থকা অৱস্থাতেই কামৰূপৰ দদৰাত দদৰা আৰক্ষীয়ে সুৰাখিনি জব্দ কৰে যদিও বাহন খনৰ চালকজন পলাই জাবলৈ সক্ষম হয় ।