কামৰূপ,19 নৱেম্বৰ:বকোত বুধবাৰে পুৱতিনিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ দুই গৃহৰক্ষী জোৱানক আক্ৰমণ যুৱকৰ ৷ বকো চহৰত নিশা কৰ্তব্যৰত গৃহৰক্ষী জোৱান আব্দুল আলী আৰু কৰ্ণ পাঠকক চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰে অনু ৰাভা নামৰ এজন চালকে ৷
বকোত দুই গৃহৰক্ষী জোৱানক আক্ৰমণ: এজনক গ্ৰেপ্তাৰ - কৰ্ণ পাঠক
বকোত দুই গৃহৰক্ষী জোৱানক আক্ৰমণ ৷ গৃহৰক্ষী জোৱান দুজনে ব্যৱহাৰ কৰা টৰ্চৰ পোহৰ DI বাহনত পৰাক কেন্দ্ৰ কৰিয়েই সৃষ্টি হয় বাক-বিতণ্ডাৰ ৷ শেষত কাজিয়াৰ সূত্ৰপাত হৈ অনু ৰাভা নামৰ DI বাহনৰ চালকজনে দুই গৃহৰক্ষী জোৱানক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷

প্ৰাপ্ত খবৰ মতে, গৃহৰক্ষী জোৱান দুজনৰ কৰ্তব্যস্থলীৰ ওচৰতে এখন বাছৰ যান্ত্ৰিক বিজুটী ঘটে ৷ জোৱান দুজনে সহায়ৰ বাবে আগবাঢ়ি যোৱাৰ লগে লগে সেইস্থানত আন এখন DI বাহন উপস্থিত হয় ৷ গৃহৰক্ষী জোৱান দুজনে ব্যৱহাৰ কৰা টৰ্চৰ পোহৰ DI বাহনত পৰাক কেন্দ্ৰ কৰিয়েই সৃষ্টি হয় বাক-বিতণ্ডাৰ ৷ সাধাৰণ বাক-বিতণ্ডাৰ পৰাই কাজিয়াৰ সূত্ৰপাত হৈ শেষত অনু ৰাভা নামৰ DI বাহনৰ চালকজনে দুই গৃহৰক্ষী জোৱানক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷ ফলত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় আব্দুল আলী আৰু কৰ্ণ পাঠক ৷ আঘাতপ্ৰাপ্ত আব্দুল আলীক নিশাই উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আক্ৰমণকাৰী অনু ৰাভাক গ্ৰেপ্তাৰ কৰে ৷
লগতে পঢ়ক:মৰিয়নী ৰাজহ চক্ৰ কাৰ্যালয় ঘেৰাও নাৰী মুক্তি সংগ্ৰাম সমিতিৰ