অসম

assam

ETV Bharat / state

বাইহাটাবাসীয়ে পাব নে এটোপাল বিশুদ্ধ পানী !

এটুপি খোৱাপানীৰ বাবে হাহাকাৰ বাইহাটাবাসীৰ মাজত ৷ এটা দশক পূৰ্বে নিৰ্মাণ কৰা খোৱাপানীৰ আঁচনিৰ পৰাও আজিও নোলাল এটুপি পানী ৷ বিশুদ্ধ খোৱাপানীৰ অভাৱত ৰোগাক্ৰান্ত হৈ পৰিছে অঞ্চলবাসী ৷

drinking water problem at baihata
বাইহাটাত বিশুদ্ধ খোৱাপানীৰ সমস্যা

By

Published : Jan 6, 2021, 1:47 PM IST

বাইহাটা,6 জানুৱাৰী : বাইহাটাত বিশুদ্ধ খোৱাপানীক লৈ সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ এটুপি খোৱাপানীৰ বাবে যেন হাহাকাৰ কৰিবলগীয়া হৈছে বাইহাটাবাসী ৷ বাইহাটা, কমলপুৰ, লেজা, বৰুৱাজনি, আলটাকে ধৰি দহটাৰো অধিক আঁচনি এতিয়া বিকল হৈ আছে । এটা দশক পূৰ্বে কেইবা কোটি টকা ব্যয়ৰে ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে এই আঁচনিসমূহ নিৰ্মাণ কৰিছিল যদিও আজিলৈও নোলাল এটুপি খোৱাপানী ।

বাইহাটাত বিশুদ্ধ খোৱাপানীৰ সমস্যা

এফালৰ পৰা জহি খহি গৈছে বিভাগটোৰ আঁচনিসমূহ । যাৰ ফলস্বৰূপে বিশুদ্ধ খোৱাপানীৰ অভাৱত ভুগিছে সাধাৰণ ৰাইজ । ইফালে আয়ৰণ আৰু আৰ্চেনিকযুক্ত পানী সেৱন কৰাৰ ফলত অধিকাংশ লোক ৰুগীয়া হৈ পৰিছে ৷ সেয়েহে এটোপাল বিশুদ্ধ খোৱাপানীৰ যোগান ধৰিবলৈ পৰিৱৰ্তনকামী চৰকাৰক কাতৰ অনুৰোধ জনাইছে ভুক্তভোগী ৰাইজে ৷

লগতে পঢ়ক :মানকাচৰত কংগ্ৰেছ-এআইইউডিএফত খহনীয়া অব্যাহত

ABOUT THE AUTHOR

...view details