গুৱাহাটী, ২২ অক্টোবৰ: দুৰ্নীতি নিবাৰক শাখাৰ জালত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক মনোজ বৈশ্য। দিছপুৰ লাষ্ট গেটৰ হৰেন কুমাৰ নামৰ এজন লোকৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ চিকিৎসকজন। ঘটনা অনুসৰি যোৱা ১৯ ছেপ্টেম্বৰত হৰেন কুমাৰৰ ভাতৃ ৰামেশ্বৰ প্ৰসাদ শ্বাহ ঘৰৰ বাথৰূমত পৰি আহত হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰিছিল যদিও পাচত লোকজনৰ মৃত্যু হয়। কিন্তু লোকজনৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ নামত মৃত লোকজনৰ পৰিয়ালক ৰিপৰ্টৰ ধন বিচাৰি হাৰাশাস্তি কৰিছিল ধৃত চিকিৎসকজনে। পাছত চিকিৎসকৰ হেঁচাত পৰিয়ালৰ লোকে ধন দিবলৈ মান্তি হয়।
মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ চিকিৎসক - GMCH Doctor arrested
দুৰ্নীতি নিবাৰক শাখাৰ জালত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ৷ ধৃত চিকিৎসকগৰাকীৰ নাম মনোজ বৈশ্য । দিছপুৰ লাষ্ট গেটৰ হৰেন কুমাৰ নামৰ এজন লোকৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ চিকিৎসকজন ।
উল্লেখ্য যে মাছ,মাংস নোখোৱা ৰামেশ্বৰৰ মৰণোত্তৰ প্ৰতিবেদনত অত্যাধিক সুৰা আৰু মাংস খোৱা বুলি ৰিপৰ্ট দিওতে সন্দেহ হয় পৰিয়ালৰ লোকৰ । লগে লগে ৰিপৰ্ট সলনি কৰি দিয়াৰ বাবদ চিকিৎসকজনে ৫০ হাজাৰ টকা বিচাৰে ৰামেশ্বৰৰ পৰিয়ালৰ পৰা। সেই মৰ্মেই মৃত লোকজনৰ ভাতৃ হৰেন কুমাৰে প্ৰথমে ৪ হাজাৰ টকা আৰু পিছত ৮ হাজাৰ টকা দিয়ে। ধৃত চিকিৎসকগৰাকীৰ এনে কাৰ্যত অতিষ্ঠ হৈ ৰামেশ্বৰৰ পৰিয়ালে দুৰ্নীতি নিবাৰক শাখাৰ সহায় লয়। মঙলবাৰে মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ দিয়াৰ সময়ত নগদ ১০ হাজাৰ টকা লোৱাৰ সময়ত হাতে লোটে ধৰা পৰে চিকিৎসক মনোজ বৈশ্য ।