অসম

assam

ETV Bharat / state

ঐতিমণ্ডিত দৌল গোবিন্দ মন্দিৰ প্ৰাংগণত দৌল উৎসৱ - দৌল গোবিন্দ

ঐতিহ্যমণ্ডিত দৌল গোবিন্দ মন্দিৰত দৌল উৎসৱত উখল মাখল পৰিবেশ । দেওবাৰে পৰম্পৰাগতভাবে মেষদাহ পৰ্ব সম্পূৰ্ণ হোৱাৰ পাছত সোমবাৰে শ্ৰী শ্ৰী মহাপ্ৰভু দৌল গোবিন্দৰ মহা পূজা আৰম্ভ কৰা হয় । পাঁচ দিনীয়কৈ আয়োজন কৰা দৌল উৎসৱৰ সোমবাৰে দ্বিতীয় দিন ।

দৌল গোবিন্দ মন্দিৰ
ঐতিমণ্ডিত দৌল গোবিন্দ মন্দিৰ প্ৰাংগণত দৌল উৎসৱ

By

Published : Mar 9, 2020, 6:57 PM IST

Updated : Mar 9, 2020, 7:10 PM IST

কামৰূপ, 9 মাৰ্চঃ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ঐতিহ্যমণ্ডিত দৌল গোবিন্দ মন্দিৰতো দৌল উৎসৱত উখল-মাখল পৰিবেশ । মহা প্ৰভুৰ আশীৰ্বাদ লবলৈ বিভিন্ন প্ৰান্তৰ পৰা আহিছে অগণন ভক্ত সকল । পূজাৰীৰ মন্ত্ৰোচাৰণৰে ,আয়তীৰ উৰুলি, নাম প্ৰসংগৰে ভক্তি ৰসত বুৰ গৈছে দৌল গোবিন্দ মন্দিৰ প্ৰাংগন । দেওবাৰে পৰম্পৰাগতভাবে মেষদাহ পৰ্ব সম্পূৰ্ণ হোৱাৰ পাছত সোমবাৰে শ্ৰী শ্ৰী মহা প্ৰভু দৌল গোবিন্দৰ মহা পূজা আৰম্ভ কৰা হয় দৌল গোবিন্দ মন্দিৰত । পাঁচ দিনীয়কৈ আয়োজন কৰা দৌল উৎসৱৰ সোমবাৰে দ্বিতীয় দিন ।

ঐতিমণ্ডিত দৌল গোবিন্দ মন্দিৰ প্ৰাংগণত দৌল উৎসৱ

আনহাতে, প্ৰায় ৫০ হাজাৰ আদৰিবলৈ সাজু দৌল গোবিন্দ মন্দিৰৰ পৰিচালনা সমিতিয়ে । ১০০ স্বেচ্ছাসেৱকে নিয়াৰিকৈ পৰিচালনা কৰিছে দৌল গোবিন্দ মন্দিৰৰ পৰিবেশ । প্ৰতিদিনে ধৰ্মীয় নাম প্ৰসংগৰ লগতে সন্দিয়া সাংস্কৃতিক অনুষ্ঠানৰো ব্যৱস্থা কৰিছে আয়োজক সমিতিয়ে ।

ঐতিমণ্ডিত দৌল গোবিন্দ মন্দিৰ প্ৰাংগণত দৌল উৎসৱ

আৰু পঢ়কঃ বঙাইগাঁওৰ ৰঘুনাথ মন্দিৰত উদযাপন দৌল উৎসৱ

Last Updated : Mar 9, 2020, 7:10 PM IST

ABOUT THE AUTHOR

...view details