অসম

assam

ETV Bharat / state

যৌতুকৰ বাবে স্বামী গৃহত নিৰ্যাতনৰ বলি শিক্ষিত বোৱাৰী

নৱ-বিবাহিতাক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতনৰ অভিযোগ । সমান্তৰালকৈ ধন-সম্পত্তি দাবী কৰাৰো অভিযোগ নৱ-বিবাহিতাৰ ৷

বোৱাৰী নিৰ্যাতনৰ ঘটনা

By

Published : Jul 8, 2019, 3:07 PM IST

কামৰূপ, 8 জুলাই : কামৰূপৰ বাইহাটা চাৰিআলিত সংঘটিত বোৱাৰী নিৰ্যাতনৰ ঘটনা । নৱ-বিবাহিতাক শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন চলোৱাৰ অভিযোগ স্বামীগৃহৰ বিৰুদ্ধে । উচ্চ শিক্ষিতা ৰঙিয়াৰ জীয়ৰীগৰাকীয়ে বিবাহ পাশত আৱদ্ধ হৈছিল বাইহাটা চাৰিআলিৰ যুৱক ৰাহুল আলমৰ লগত । যদিও বিবাহৰ এমাহলৈ ঠিকে চলি তেওঁলোকৰ সংসাৰলৈ আহিল অমানিশা ৷ এমাহৰ পাচতে বোৱাাৰীগৰাকীৰ ওপৰত আৰম্ভ হ'বলৈ ধৰিলে শাৰীৰিক তথা মানসিক নিৰ্যাতন । স্বামী গৃহৰ সকলো সদস্যই চলাই বোৱাৰী গৰাকীৰ ওপৰত নিৰ্যাতন চলাবলৈ আৰম্ভ কৰে ।

বোৱাৰী নিৰ্যাতনৰ ঘটনা

আনকি স্বামী ৰাহুলে যৌতুক হিচাপে ৫ লাখ টকা দাবী কৰাৰো অভিযোগ আনিছে বোৱাৰীগৰাকীয়ে । বিবাহৰ তিনি মাহলৈ অত্যাচাৰ সহ্য কৰি হ'লেও সংসাৰ চলাই যোৱা বোৱাৰীগৰাকীয়ে তিনি মাহৰ পিচত মাকৰ ঘৰলৈ গুছি যাবলৈ বাধ্য হৈছিল । মাকৰ ঘৰত থকা কাল চোৱাতো ৰাহুলে কোনো ধৰণৰ খবৰ লোৱাৰ বিপৰীতে যৌতুকৰ বাবে ধনহে দাবী কৰি আহিছে বুলিও অভিযোগ তোলে বোৱাৰীগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details