অসম

assam

ETV Bharat / state

বাইহাটাত ৰাজপথতে পত্নীক আক্ৰমণ স্বামীৰ

চৰিফুলৰ ৰঙিয়াৰ পিতৃগৃহলৈ পত্নীক কোনোদিনে লৈ নহা চৰিফুলে সোমবাৰে আক্লিমাক তেওঁৰ বায়েকৰ ঘৰত থৈ যায় ৷ আৰু আজি পুৱা চৰিফুলে বায়েকৰ ঘৰত উপস্থিত হৈ পত্নীক মাৰধৰ কৰে ৷ ঘটনাৰ উমান পাই স্থানীয় ৰাইজ খৰ্গহস্ত হৈ চৰিফুলক আটক কৰি বাইহাটা আৰক্ষীক খবৰ দিয়াৰ লগতে আক্লিমাৰ চিকিৎসাৰ ব্যৱস্থা কৰে ৷ কিন্তু ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে চৰিফুলৰ বায়েক চুমিয়াৰা খাতুন আৰু ভিনিয়েক বুবুল আলীয়ে কৌশলেৰে চৰিফুলক পলুৱাই পঠিওৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

বাইহাটাত ৰাজপথত পত্নীক নিৰ্মমভাৱে প্ৰহাৰ স্বামিৰ

By

Published : May 7, 2019, 2:36 PM IST


বাইহাটা, 07 মে' : ৰাজ্যত নিতৌ সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ ঘটনা ৷ বাইহাটা চাৰিআলিৰ পাত্ৰপুৰ গাঁৱত এনে এক ঘটনা সংঘটিত হৈছে ৷ বন্ধ কোঠাত নহয় ৰাজপথত পত্নীক প্ৰহাৰ কৰে স্বামীয়ে ৷
ঘটনাৰ বিৱৰণী অনুসৰি মাতৃহাৰা আক্লিমাই মাহীমাকৰ অত্যাচাৰ সহিব নোৱাৰি কৰ্মসুত্ৰে গুৱাহাটীৰ ভাড়াঘৰত থকাৰ পাচত চৰিফুলৰ সৈতে 7 মাহ পুৰ্বে প্ৰেমসূত্ৰে বিবাহপাশত আৱদ্ধ হয় আৰু দুয়ো গুৱাহাটীত থাকিবলৈ লয় ৷ পত্নী আক্লিমাৰ অভিযোগ অনুসৰি বিবাহৰ পাচৰে পৰা স্বামী চৰিফুলে তেওঁৰ ওপৰত প্ৰায়ে নিৰ্যাতন চলায় ৷ আনহাতে চৰিফুলৰ ৰঙিয়াৰ পিতৃগৃহলৈ পত্নীক কোনোদিনে লৈ নহা চৰিফুলে সোমবাৰে আক্লিমাক তেওঁৰ বায়েকৰ ঘৰত থৈ যায় ৷ আৰু আজি পুৱা চৰিফুলে বায়েকৰ ঘৰত উপস্থিত হৈ পত্নীক মাৰধৰ কৰে ৷ ঘটনাৰ উমান পাই স্থানীয় ৰাইজ খৰ্গহস্ত হৈ চৰিফুলক আটক কৰি বাইহাটা আৰক্ষীক খবৰ দিয়াৰ লগতে আক্লিমাৰ চিকিৎসাৰ ব্যৱস্থা কৰে ৷ কিন্তু ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বে চৰিফুলৰ বায়েক চুমিয়াৰা খাতুন আৰু ভিনিয়েক বুবুল আলীয়ে কৌশলেৰে চৰিফুলক পলুৱাই পঠিওৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

বাইহাটাত ৰাজপথত পত্নীক নিৰ্মমভাৱে প্ৰহাৰ স্বামিৰ

স্থানীয় ৰাইজে জনোৱা অনুসৰি পূৰ্ৱে বাইক চুৰিৰ অপৰাধত চৰিফুলক বৰ্তমানো অসম আৰক্ষীয়ে অপৰাধ সংক্ৰান্তীয় গোচৰত বিচাৰি আছে ৷ সেয়ে এনে এজন অপৰাধীক আশ্ৰয় দিয়াৰ অপৰাধত বায়েক-ভিনিয়েকৰ লগতে চৰিফুলক আটকক কৰাৰ দাবী জনাই স্থানীয় ৰাইজে ৷ লগতে চৰিফুলে লগত লৈ অনা নম্বৰ প্লেত বিহিন 220 পালচাৰ বাইকখনো চুৰি বাইক বুলি সন্দেহ কৰে একাংশ স্থানীয় লোকে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে চৰিফুলৰ বাইকখন জব্দ কৰাৰ লগতে তেওঁৰ পত্নী আক্নিমা আৰু বায়েক ভীনিয়েকক থানালে নি সোধাপোচ আৰম্ভ কৰে ৷

ABOUT THE AUTHOR

...view details