বকো,১২ মাৰ্চ:বকোৰ জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সভাগৃহত শনিবাৰে দিনৰ ১১ বজাত মুক্তি তথা প্ৰদৰ্শন কৰা হয় এখনি তথ্যচিত্ৰ(Documentary launched in Boko to attract tourists) । বকোৰ জে এন মহাবিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ ভাষা সাহিত্য আৰু সংবাদ মাধ্যমৰ অধ্যয়ন আৰু মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত মান নিশ্চিতকৰণ কোষৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই অনুষ্ঠানটিৰ(Short Movie on Tourist Spots) ।
ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাৰ অন্তৰ্গত ৭ টা পৰ্যটনস্থলীক সাঙুৰি "এটা ৰহস্যময় যাত্ৰা: ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ পৰ্যটন স্থানসমূহ অন্বেষণ কৰা" নামৰ তথ্যচিত্ৰখনিৰ শুভমুক্তি দিয়ে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই(CEM of Rabha Hasong Autonomous Council) । এই অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কার্যবাহী সদস্য সুমিত ৰাভাই ।
বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ তপন দত্তকে আদি কৰি মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী তথা অধ্যাপক অধ্যাপিকাৰ উপস্থিতিত এই তথ্যচিত্ৰখনৰ শুভমুক্তি দিয়া হয় । আগন্তুক ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদীয় এলেকাটো যাতে গ্ৰাম্য পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিব পাৰে, এই উদ্দেশ্যে আগত ৰাখিয়ে এই তথ্যচিত্ৰৰ নিৰ্মাণ কৰা হৈছে বুলি জানিবলৈ দিয়ে মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই(Tourist spot in Boko) ।