অসম

assam

মৃত নৱজাতক সন্দৰ্ভত স্বস্তি হস্পিতালৰ চিকিৎসকৰ স্পষ্টীকৰণ

By

Published : Feb 9, 2020, 6:08 PM IST

আজি টুটুমণি গগৈৰ মৃত নৱজাতক সন্দৰ্ভত এক স্পষ্টীকৰণ প্ৰদান কৰে স্বস্তি হস্পিতালৰ চিকিৎসকে ৷ চিকিৎসকে জনোৱা মতে, নৱজাতকৰ মাতৃ টুটুমণি গগৈৰ গৰ্ভৱতী অৱস্থাৰ আঠ মাহৰ পৰা আছিল উচ্চ ৰক্তচাপ ৷ যাৰ প্ৰভাৱ পৰিছিল তেওঁৰ গৰ্ভস্থ সন্তানটিৰ ওপৰতো ৷ নৱজাতকটিৰ মৃত্যুৰ কাৰণ মুলতঃ উশাহত পৰ্যাপ্ত পৰিমানৰ অভাৱৰ বাবে হয় বুলি জনায় স্বস্তি হস্পিতালৰ চিকিৎসক হিতেন্দ্ৰ কলিতাই ৷

স্বস্তি হস্পিতাল
স্বস্তি হস্পিতাল

ৰঙিয়া, 9 ফেব্ৰুৱাৰীঃস্বস্তি হস্পিতালৰ চিকিৎসকৰ তথ্য অনুসৰি, মৃত নৱজাতকৰ মাতৃ টুটুমণি গগৈৰ গৰ্ভৱতী অৱস্থাৰ আঠ মাহৰ পৰা আছিল উচ্চ ৰক্তচাপ ৷ যাৰ বাবে প্ৰভাৱ পৰিছিল তেওঁৰ গৰ্ভস্থ সন্তানটিৰ ওপৰত ৷ সেয়েহে নিৰ্ধাৰিত সময়তকৈ দুসপ্তাহ আগতে অপাৰেচন কৰি প্ৰসৱ কৰিব লগীয়া হৈছিল টুটুমণি গগৈৰ ৷ কিন্তু জন্মৰ পিচতে নৱজাতকটিয়ে সঠিকভাৱে উশাহ ল'ব পৰা নাছিল ৷ ফলত ততাতৈয়াকৈ শিশুটিক আইচিইউত ভৰ্তি কৰোৱা হয় ৷

মৃত নৱজাতক সন্দৰ্ভত স্বস্তি হস্পিতালৰ চিকিৎসকৰ স্পষ্টীকৰণ

নৱজাতকটিৰ মৃত্যুৰ কাৰণ মুলতঃ উশাহত পৰ্যাপ্ত পৰিমানৰ অক্সিজেনৰ অভাৱৰ বাবে হয় বুলি জনায় স্বস্তি হস্পিতালৰ চিকিৎসক হিতেন্দ্ৰ কলিতাই ৷

লগতে পঢ়কঃ অৱশেষত খান্দি উলিওৱা হ'ল নৱগ্ৰহ শ্মশানৰ পৰা এটি দেৱশিশুৰ মৃতদেহ..

ABOUT THE AUTHOR

...view details