কামৰূপ, 21 চেপ্তেম্বৰঃ পলাশবাৰী আৰক্ষীৰ জালত চিকিৎসক । নিশা বকোৰ চেম্বাৰৰ পৰা আটক কৰি আনিলে চিকিৎসকজনক ৷ ভ্ৰুণ হত্যাৰ অভিযোগত ৰঙাঘৰৰ আলহি হ'ল চিকিৎসক তথা এসময়ৰ বিজেপি নেতা ঘণশ্যাম দাস । দক্ষিণ কামৰূপৰ বকোস্থিত দাস ক্লিনিকৰ স্বত্ত্বাধিকাৰী ঘণশ্যাম দাস । দাস ক্লিনিকত গোপনে ভ্ৰুণ হত্যাৰে অবাধ ধন লুটিছিল অভিযুক্ত চিকিৎসক ঘণশ্যাম দাসে ৷ দক্ষিণ কামৰূপৰ এগৰাকী ১৭ বছৰীয়া যুৱতীৰ ভ্ৰুণ নষ্ট কৰাৰ অভিযোগত পলাশবাৰী আৰক্ষী থানাত এক গোচৰ দিছিল । গোচৰৰ ভিত্তিতে US376 clause (A) (N) IPC,R/W section add sec 315 IPC 4 pocso ধাৰাৰ অধীনত 251/19 নংত পলাশবাৰী আৰক্ষী থানাত গোচৰ ৰুজু হৈছিল ৷ গোচৰৰ ভিত্তিতে পলাশবাৰী আৰক্ষীয়ে শুকুৰবাৰে নিশা বকোৰ দাস ক্লিনিকৰ পৰা আটক কৰে ৷
ভ্ৰুণ হত্যা কৰি ৰঙাঘৰৰ আলহি চিকিৎসক
দাস ক্লিনিকত গোপনে ভ্ৰুণ হত্যাৰে অবাধ ধন লুটিছিল অভিযুক্ত চিকিৎসক ঘণশ্যাম দাসে ৷ দক্ষিণ কামৰূপৰ এগৰাকী ১৭ বছৰীয়া যুৱতীৰ ভ্ৰুণ নষ্ট কৰাৰ অভিযোগত পলাশবাৰী আৰক্ষী থানাত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ হয় চিকিৎসক ঘণশ্যাম দাস ৷
ভ্ৰুণ হত্যা কৰি ৰঙাঘৰৰ আলহি চিকিৎসক
উল্লেখ্য যে, এসময়ৰ বিজেপি নেতা আছিল যদিও বিগত নিৰ্বাচনত বকোৰ পৰা বিধান সভাত প্ৰাৰ্থীত্ব নাপায় দল ত্যাগ কৰি নিৰ্দলীয় হৈছিল চিকিৎসক ঘণশ্যাম দাস ।