ৰঙিয়া, 12 জুন : ৰাইজে বাৰম্বাৰ দাবী কৰি অহাৰ পাচতো ৰঙিয়াৰ দ্বাৰকুছিৰ এখন দলং নিৰ্মাণৰ বাবে আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল ৷ ৰাইজৰ অভিযোগ অনুসৰি বৰলীয়া নৈৰ ওপৰত থকা দলংখন কেইবাবছৰ পূৰ্বে বাঢ়নী পানীয়ে উটুৱাই নিছিল ৷ তাৰপিছৰে পৰা আজিকোপতি মেৰামতি কৰা নহ'ল দলংখন ।
উক্ত দলংখনৰে দৈনিক শ শ লোকে দ্বাৰকুছি আৰু গোৰেশ্বৰৰ লগত যোগাযোগ স্থাপন কৰি আহিছিল । দলংখন নোহোৱাত প্ৰতিবছৰে ৰাইজে গাঁঠিৰ ধন ভাঙি যাতায়াতৰ বাবে নিৰ্মাণ কৰি লয় এখন বাঁহৰ সাঁকো । কিন্তু বাৰিষা বৰলীয়া নৈৰ বাঢ়নী পানীয়ে প্ৰায়ে উটুৱাই লৈ যায় সাঁকোখন । এইবছৰো বৰলীয়াৰ পানীত সাঁকোখন উটি যোৱাত নৈপৰীয়া ৰাইজৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰতো দুৰ্ভোগ ভূগিবলগীয়া হৈছে ৰাইজে ৷