ৰঙিয়া,২১ আগষ্ট :ৰঙিয়া জিলা ক্যাৰাটে সন্থাৰ উদ্যোগত অনুষ্ঠিত হৈছে জিলা ভিত্তিক ক্যাৰাটে প্ৰতিযোগিতা (Karate Competition in Rangia)। দেওবাৰে ৰঙিয়াৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ খেলপথাৰত অনুষ্ঠিত হয় এই ৰঙিয়া জিলা ক্যাৰাটে প্ৰতিযোগিতাৰ । য'ত কামৰূপ জিলাৰ বিভিন্ন ক্লাৱৰ ৩৩০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে । প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে অসম ৰাজ্যিক ক্যাৰাটে সন্থাৰ সভাপতি তথা কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই (MLA Diganta Kalita inaugurates karate competition)।
৪ টা শাখাত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা । ১৮ টা ক্লাবৰ খেলুৱৈসকলক চাব জুনিয়ৰ, কেডেট, জুনিয়ৰ আৰু চিনিয়ৰ এই চাৰিটা শাখাত বিভক্ত কৰি খেল অনুষ্ঠিত কৰা হয় । খেলুৱৈসকলক উৎসাহ দিয়াৰ উদ্দেশ্যে অঞ্চলটোৰ বহু ক্ৰীড়াপ্ৰেমীয়ে খেল উপভোগ কৰে ।