অসম

assam

ETV Bharat / state

দিপু দত্তলৈ মিঃ শৰাইঘাট খিতাপ - দীপু দত্ত

দেশৰ কেইবাগৰাকী আগশাৰীৰ শৰীৰ চৰ্চাবিদক পৰাস্ত কৰি মিঃ শৰাইঘাট প্ৰতিযোগিতাৰ চূড়ান্ত বিজয় হ'ল দিপু দত্ত৷

দিপু দত্তলৈ মিঃ শৰাইঘাট খিতাপ

By

Published : Apr 7, 2019, 4:23 AM IST

গুৱাহাটী, 7 এপ্ৰিল: দেশৰ কেইবাগৰাকী আগশাৰীৰ শৰীৰ চৰ্চাবিদক পৰাস্ত কৰি মিঃ শৰাইঘাট প্ৰতিযোগিতাৰ চূড়ান্ত বিজয় হ'ল দিপু দত্ত৷ গুৱাহাটীৰ মাছখোৱাস্থিত আই টি এ সাংস্কৃতিক প্ৰকল্পত আজি অনুষ্ঠিত হৈ যোৱা ৩০ সংখ্যক মিঃ শৰাইঘাট সৰ্বভাৰতীয় ক্লাছিক দেহশ্ৰী প্ৰতিযোগিতাত চূড়ান্ত বিজয়ী হ'বলৈ সক্ষম হ'ল অসম সন্তান দিপু দত্ত । প্ৰতিযোগতখনত অংশগ্ৰহণ কৰা দেশৰ কেইবাগৰাকী আগশাৰীৰ শৰীৰ চৰ্চাবিদক পৰাস্ত কৰি দিপু দত্তই শেষ হাঁহি মাৰি কঢ়িয়াই আনিলে মিঃ শৰাইঘাট প্ৰতিযোগিতাৰ খিতাপ।

দিপু দত্তলৈ মিঃ শৰাইঘাট খিতাপ

অসম বডী বিল্ডাৰ্চ এছ'চিয়েচনৰ ত্বতৱধানত আৰু শৰাইঘাট জিমৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিযোগতিতাখনত অসম তথা উত্তৰ পূবকে ধৰি দেশৰ কেইবাগৰাকী ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে৷ প্ৰতিযোগিতাখনত অসম দল হৈ অংশগ্ৰহণ কৰিছিল খঞ্জন প্ৰতিম তালুকদাৰ, দিপু দত্ত, শুভদীপ বৈদ্য, মনজিৎ ৰয়, কুছৰ আলী, অসীম দিহিঙীয়া, শুভিত গগৈ, নয়ন নেওগ আৰু মইনুল ইছলাম। দিপু দত্তৰ লগতে অসমৰ কুছৰ আলী আলী চতুৰ্থ আৰু মইনুল ইছলাম তৃতীয় স্থান লাভ কৰে।

ABOUT THE AUTHOR

...view details