ৰঙিয়া, 4 চেপ্তেম্বৰ: বিশ্বব্যাপী কৰ'ণা মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ ফলত জাৰি কৰা লক ডাউনে সৃষ্টি কৰিছে আৰ্থিক মন্দাৱস্থাৰ ৷ কিয়নো লক ডাউনৰ বাবে বহু লোকে হেৰুৱাবলগীয়া হৈছে নিজৰ কৰ্ম সংস্থাপন ৷ ব্যতিক্ৰম নহ'ল ৰঙিয়াৰ তুলসীবাৰী নিবাসী দীপশিখা ডেকাও ৷ এগৰাকী মেক-আপ আৰ্টিষ্ট হিচাপে নিজৰ স্বাৱলম্বীতাৰ পথ বাছি লোৱা দীপখিখাই, লক ডাউনৰ বাবে হেৰুৱাবলগীয়া হয় স্বাৱলম্বীতাৰ পথ ৷ কৰ'ণা মহামাৰীৰ সংক্ৰমণ ৰোধৰ স্বাৰ্থত বিয়া, উৎসৱ-পাৰ্বনকে ধৰি ভিন্ন অনুষ্ঠান বাতিল কৰিবলগীয়া হয় সচেতন নাগৰিকে ৷ কিন্তু বিয়া আদিৰ দৰে অনুষ্ঠানসমূহ বাতিল হোৱাৰ পাচতে দীপশিখা যথেষ্ট লোকচানৰ সন্মুখীন হোৱাৰ লগতে কৰ্মহীন হৈ পৰে ৷
কৰ্ম সংস্কৃতিৰ নিদৰ্শন দাঙি ধৰা ৰঙিয়াৰ দিপশিখা - কৰ'ণা মহামাৰী
পেছাত এগৰাকী মেক-আপ আৰ্টিষ্ট ৰঙিয়াৰ তুলসীবাৰী নিবাসী দীপশিখা ডেকা ৷ কিন্তু লক ডাউনে সলনি কৰি পেলালে যুৱতীগৰাকীৰ উপাৰ্জনৰ গতিপথ ৷ লক ডাউনৰ সময়ছোৱাত ব্যাপক লোকচানৰ সন্মুখীন হোৱা দিপশিখাই থমকি নৰ'ল ৷ সম্প্ৰতি লোকেল মুৰ্গীৰ ফাৰ্ম খুলি স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে উদ্যমী যুৱতীগৰাকী ৷
কিন্তু ইমানতেই হাৰ মানি হাত সাৱটি বহি নাথাকিল উদ্যমী যুৱতী গৰাকী ৷ বাছি ল'লে উপাৰ্জনৰ আন এক পথ ৷ মেক-আপ আৰ্টিষ্ট দীপশিখাই তাইৰ উপাৰ্জনৰ থল পৰিৱৰ্তন কৰি, এখন লোকেল মুৰ্গীৰ ফাৰ্ম খুলি সম্প্ৰতি স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে ৷ এই ক্ষেত্ৰত দীপশিখাই পৰিয়ালৰ লগতে, নিজৰ বন্ধুবৰ্গৰ পৰা যথেষ্ট সহায়-সহযোগিতা পাইছে বুলি উল্লেখ কৰে সংবাদ মাধ্যমযোগে ৷ ইণ্টাৰনেটৰ সদ্ ব্যৱহাৰ কৰি ফাৰ্ম সম্পৰ্কীয় নজনা কথাবোৰ শিকি-বুজি বিশ্বজুৰি চলি থকা মন্দাৱস্থাৰ সময়তো দিপশিখাই প্ৰশস্ত কৰিলে উপাৰ্জনৰ পথ ৷ অটুত মনোবলেৰে কৰ্ম সংস্কৃতিৰ পৰিচয় দিয়া দীপশিখা যেন কৰ্ম সংস্কৃতিৰ এক উৎকৃষ্ট উদাহৰণ ৷ দীপশিখাৰ আদৰ্শৰে অনুপ্ৰাণিত হ'লে হয়তো সকলো লোকেই সফলভাৱে উত্তীৰ্ণ হ'ব পাৰিব জীৱন যুঁজত ৷
লগতে পঢ়ক:গুৱাহাটী বিশ্ববিদ্যালয়ে ঘোষণা কৰিলে বি.এডৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ সময়সূচী