অসম

assam

ETV Bharat / state

লুৰিণজ্যোতি গগৈৰ বিতৰ্কিত মন্তব্যক লৈ প্ৰতিক্ৰিয়া দিপাংক কুমাৰ নাথৰ - লুৰিণজ্যোতি গগৈৰ বিতৰ্কক লৈ প্ৰতিক্ৰিয়া দিপাংক নাথৰ

আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে শংকৰ সংঘৰ অধিৱেশনকলৈ কৰা বিতৰ্কিত মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দিপাংক কুমাৰ নাথে ৷ CAA বিৰোধী এই আন্দোলন সীমিত কৰিবলৈ লুৰিণজ্যোতি গগৈৰ বক্তব্যক লৈ বিপথে পৰিচালিত কৰিছে বুলি মত প্ৰকাশ কৰে আছুৰ সভাপতিগৰাকীয়ে ৷

দিপাংক নাথ
লুৰিণজ্যোতি গগৈৰ বিতৰ্কিত মন্তব্যকলৈ প্ৰতিক্ৰিয়া দিপাংক নাথৰ

By

Published : Feb 6, 2020, 1:28 AM IST

কামৰূপ, 5 ফেব্ৰুৱাৰীঃ লুৰিণজ্যোতি গগৈৰ বিতৰ্কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পলাশ চাংমাইৰ । বিগত কেইদিনমাম ধৰি চলি থকা আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈৰ এটি বক্তব্যক লৈ যি বিতৰ্কৰ সুত্ৰপাত হৈ আছে সেই বিষয়ে মন্তব্য প্ৰদান কে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে ।

লুৰিণজ্যোতি গগৈৰ বিতৰ্কিত মন্তব্যকলৈ প্ৰতিক্ৰিয়া দিপাংক নাথৰ

অসমৰ জাতীয় জীৱনত সংকট জাঁপি দিয়া চৰকাৰখনৰ মুখ্যমন্ত্ৰীৰ লগতে কোনো এজন নেতা পালি-নেতাক লুৰিণজ্যোতি গগৈয়ে শংকৰ সংঘৰ অধিৱেশনত নিমন্ত্ৰণ নজনাবলৈ আহ্বান জনোৱা বুলি মত প্ৰকাশ কৰে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে । CAA বিৰোধী এই আন্দোলনটো সীমিত কৰিবলৈ লুৰিণজ্যোতি গগৈৰ বক্তব্যক বিপথে পৰিচালিত কৰিছে বুলিও উল্লেখ কৰে সভাপতিগৰাকীয়ে । লগতে এই কথা কোনোপধ্যেই গ্ৰহণযোগ্য নহয় বুলিও উল্লেখ কৰে । ইয়াৰোপৰি তেওঁ কয় জাতি এতিয়া সংকটত পৰিছে আৰু জাতি ৰক্ষাৰ স্বাৰ্থতে শংকৰ সংঘৰ জন্ম হৈছে ।

লুৰিণজ্যোতি গগৈৰ বিতৰ্কিত মন্তব্যকলৈ প্ৰতিক্ৰিয়া দিপাংক নাথৰ

আনহাতে, লুৰিণজ্যোতি গগৈয়ে শংকৰ সংঘৰ অধিবেশনত ৰজাঘৰীয়াৰ লোকসকলক নিমন্ত্ৰণ জনোৱা বিষয়টোক লৈ বিতৰ্ক হোৱাত গুৰুজনাৰ আদৰ্শৰ পৰিপন্থী হ’লে বিৰোধিতা হ'বই বুলি মন্তব্য কৰে পলাশ চাংমাই ।

আৰু পঢ়কঃএইবাৰ NIA ৰ টাৰ্গেটত কটনৰ ছাত্ৰ নেতা

ABOUT THE AUTHOR

...view details