গুৱাহাটী, 28 মে’: বৃহস্পতিবাৰে সোণাপুৰৰ যোগদলত নতুনকৈ আৰম্ভ হোৱা টোলগেটক লৈ দল-সংগঠনৰ মাজত চলি আছে এক শীতল যুদ্ধ ৷ টোলগেট বিৰোধী আন্দোলনত জড়িত থকা একাংশ সংগঠনৰ নেতাৰ বাবেই কৰ সংগ্ৰহ আৰম্ভ কৰিলে বুলি অভিযোগ উত্থাপন কৰিছিল আন একাংশ সংগঠনে ৷
সোণাপুৰৰ টোলগেটৰ বিৰুদ্ধে সৰৱ আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থা - ডিমৰীয়া আছুৰ বিষয়ববীয়া
সোণাপুৰৰ টোলগেট সন্দৰ্ভত আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিক্ৰিয়া ৷ ৰাইজৰ প্ৰতিবাদক আওকাণ কৰি চৰকাৰে অতি শীঘ্ৰেই কৰ সংগ্ৰহৰ কাম বন্ধ কৰাৰ হুংকাৰ দিয়ে আছুৰ বিষয়ববীয়াই ৷
সোণাপুৰৰ টোলগেটৰ বিৰুদ্ধে সৰৱ আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থা
ইয়াৰ পাছতে টোলগেটক লৈ সৰৱ হৈছে আন্তঃডিমৰীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াই ৷ ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ অভিযোগ অনুসৰি, বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ প্ৰতিবাদক আওকাণ কৰি চৰকাৰে আৰম্ভ কৰিছে কৰ সংগ্ৰহৰ কাম ৷ গতিকে অতি শীঘ্ৰেই বন্ধ কৰ সংগ্ৰহৰ কাম বন্ধ কৰিব লাগে বুলি ডিমৰীয়া আছুৰ বিষয়ববীয়াই দাবী উত্থাপন কৰে ৷
লগতে পঢ়ক: চৰকাৰৰ কাম-কাজক লৈ অসন্তুষ্ট বিৰোধী দলৰ দলপতি দেৱব্রত শইকীয়া