অসম

assam

ETV Bharat / state

বহিঃৰাজ্যত আক্ৰমণৰ বলিঃ স্বগৃহলৈ উভতিল দিলীপ হাজৰিকা

সোমবাৰে অসমলৈ উভতিল বহিঃৰাজ্যত দুৰ্বৃত্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত দিলীপ হাজৰিকা ৷ কৰ্মসূত্ৰে লখিমপুৰৰ পিতা-পুত্ৰই যোৱা ২৭ এপ্ৰিলত অসমৰ পৰা কেৰালালৈ ৰে’লযোগে যাত্ৰা কৰি থকা অৱস্থাতে ২৯ এপ্ৰিলত উৰিষ্যাত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছিল দুয়োগৰাকী পিতা-পুত্ৰ ।

By

Published : May 7, 2019, 8:13 AM IST

অসমলৈ উভতিল বহিঃৰাজ্যত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা দিলীপ হাজৰিকা


গুৱাহাটী,7 মে': সাধাৰণ যাত্ৰীৰ বাবে এতিয়া সুৰক্ষিত নহয় ৰেল যাত্ৰা ৷ সোমবাৰে অসমলৈ উভতিল বহিঃৰাজ্যত দুৰ্বৃত্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত দিলীপ হাজৰিকা ৷

কৰ্মসূত্ৰে লখিমপুৰৰ পিতা-পুত্ৰই যোৱা ২৭ এপ্ৰিলত অসমৰ পৰা কেৰালালৈ ৰে’লযোগে যাত্ৰা কৰি থকা অৱস্থাতে ২৯ এপ্ৰিলত উৰিষ্যাত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছিল দুয়োগৰাকী পিতা-পুত্ৰ । ৰেল বিভাগৰ টিটি বুলি চিনাকি দি চলন্ত ৰেলতে দুৰ্বৃত্তই লুট-পাত চলাই পিতৃ দিলীপ হাজৰিকা আৰু পুত্ৰ কুশৰাম হাজৰিকাক চলন্ত ৰেলৰ পৰা গতিয়াই দিছিল । ফলত ঘটনাস্থলীতে মৃত্যুক সাৱতি ল'ব লগা হয় পুত্ৰ কুশৰাম হাজৰিকাই তথা কথমপি প্ৰাণ ৰক্ষা পৰে পিতৃ দিলীপ হাজৰিকাৰ ।

অসমলৈ উভতিল বহিঃৰাজ্যত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা দিলীপ হাজৰিকা

আনহাতে,এই বাতৰি সম্প্ৰচাৰ হোৱাৰ লগে লগে উৰিষ্যাত কৰ্মৰত চিৰাঙৰ মনোজ বসুমতাৰীয়ে ফনীৰ সন্ত্ৰাসকো নেওচি চিকিৎসাৰ বাবে সহায় কৰাৰ লগতে তিনিদিন ধৰি শুশ্ৰূষা কৰে দিলীপ হাজৰিকাক । কেৱল এয়াই নহয়, আঘাতপ্ৰাপ্ত ব্যক্তিজনক অসমলৈ ঘূৰাই লৈ অনাৰো সকলো ব্যৱস্থা কৰি দিয়ে যুৱকজনে । তাৰপাচতেই সোমবাৰে বৰঝাৰ বিমানবন্দৰৰ পৰা গুৰুতৰভাৱে আহত ব্যক্তিগৰাকীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷

ABOUT THE AUTHOR

...view details