ৰঙিয়া,18 মে' : সম্পূৰ্ণ তেৰটা দিন ভয় আৰু অনিশ্চয়তাৰ মাজেৰে পাৰ কৰাৰ পাচত শনিবাৰে ঘৰলৈ উভিত আহিল দিলীপ বিশ্বাস ৷ প্ৰমাণিত হ'ল দিলীপ বিশ্বাস ভাৰতীয় হিচাপে ৷ ৰাইজে ক্ষোভ উজাৰিলে চৰকাৰ তথা প্ৰশাসনৰ ওপৰত।
ডিটেনচন কেম্পৰ পৰা ঘৰলৈ উভতিল দিলীপ বিশ্বাস - দিলীপ জয়ন্তী
দিলীপ বিশ্বাস ভাৰতীয় নাগৰিক বুলি প্ৰকাশ কৰি উপ আৰক্ষী অধীক্ষকে স্বীকাৰ কৰিলে চিনাক্তকৰণ প্ৰক্ৰিয়াত ভুল হোৱা বুলি । আৰক্ষীৰ ওপৰত সম্পূৰ্ণ আস্থা হেৰুৱাই পেলাইছে বুলি উল্লেখ স্থানীয় লোকৰ ।

দিলীপ বিশ্বাস ভাৰতীয় নাগৰিক বুলি প্ৰকাশ কৰি উপ আৰক্ষী অধীক্ষকে স্বীকাৰ কৰিলে চিনাক্তকৰণ প্ৰক্ৰিয়াত ভুল হোৱা বুলি। ইতিমধ্যে গোৱালপাৰাৰ পৰা ওভতাই অনা দিলীপ বিশ্বাসক শনিবাৰে বৈদ্যগড় আঞ্চলিক বাঙালী ফেডাৰেচনৰ সদস্যৰ লগতে গাঁৱৰ ৰাইজে ঘৰলৈ লৈ আহে। দিলীপ বিশ্বাস ঘৰ আহি পোৱাৰ লগে লগে গাওঁখনৰ পৰিৱেশ আনন্দমুখৰ হৈ পৰে।
আনহাতে উপস্থিত ৰাইজে সংবাদ মাধ্যমৰ আগত আৰক্ষীৰ ওপৰত ক্ষোভ উজাৰে ৷ আৰক্ষীৰ ওপৰত পৰা সম্পূৰ্ণ আস্থা হেৰুৱাই পেলাইছে বুলি উল্লেখ কৰে স্থানীয় লোকে। লগতে প্ৰশাসন আৰু চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিয়ে। আগলৈ যাতে কোনো ভাৰতীয় নাগৰিকৰ এনেদৰে হাৰাশাস্তি নহয় তাৰবাবে সকীয়াই দিয়ে প্ৰশাসনক ৷