ৰঙিয়া, ২৪ নৱেম্বৰ :ৰাজ্যৰ বিভিন্ন খণ্ডৰ উন্নয়নৰ বিপৰীতে শিক্ষাখণ্ডৰ উন্নয়নৰ এক পুতৌ লগা ছবি । এতিয়াও গোহালি সদৃশ পৰিৱেশত পাঠদান কৰা হয় ৰাজ্যৰ একাংশ বিদ্যালয়ত । শিক্ষাৰ্থী বহিবলৈ অভাৱ ডেস্ক-বেঞ্চৰ । বৰষুণ দিলেই একাঁঠু পানী হয় শ্ৰেণী কোঠাত ।
শিক্ষাখণ্ডৰ উন্নয়নৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনতে ইটিভি ভাৰত উপস্থিত হৈছে এনে এখন বিদ্যালয়ত । কামৰূপ জিলাৰ ৰঙিয়া শিক্ষা খণ্ডৰ অধীনত আছে বিদ্যালয়খন । বিদ্যালয়খন হৈছে ৰঙিয়াৰ বিহাপাৰাৰ বিটিচি এম ই স্কুল । বহু অসুবিধাৰ মাজেৰে ছাত্ৰ-ছাত্ৰীসকলে দীৰ্ঘদিন ধৰি শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে এই বিদ্যালয়খনত ।
ৰঙিয়াৰ এখন বিদ্যালয়ৰ দুখ লগা ছবি বিদ্যালয়ৰ শ্ৰেণী কোঠা বুলিবলৈ আছে বাঁহৰ জৰাজীৰ্ণ পঁজা । বৰষুণৰ বতৰত শ্ৰেণী কোঠাৰ ভিতৰত সোমাই বৰষুণৰ পানী । তৰ্জাবেৰ আৰু বাঁহেৰে নিৰ্মাণ কৰা বিদ্যালয়খনত আছে ৩ টা কোঠা । বৰ্তমান জহি-খহি গৈছে প্ৰতিটো কোঠা ।
২৯ বছৰ পূৰ্বে স্থাপন হোৱা এই বিদ্যালয়খনত ১০৪ গৰাকী শিক্ষাৰ্থীৰ বিপৰীতে আছে মাত্ৰ ৪ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী । ইয়াৰ উপৰিও বিদ্যালয়খনত নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, নাই খেল-ধেমালিৰ সামগ্ৰী (no basic amenities in school)। শিক্ষাৰ্থীৰ মধ্যাহ্ন ভোজনৰ বাবে চৰকাৰে দিয়া ধনৰ আধা খিনিৰে বিদ্যালয় গৃহ মেৰামতি কৰিবলৈ বাধ্য হৈছে শিক্ষকসকল । অঞ্চলটোৰ দৰিদ্ৰ লোকৰসকলৰ বাবে চৰকাৰী শিক্ষানুষ্ঠান হিচাপে এক মাত্ৰ ভৰসা এই বিদ্যালয়খন ।
কিন্তু প্ৰতিটো দিশৰে উন্নয়নৰ কথা কোৱা বিজেপি চৰকাৰ তথা শিক্ষামন্ত্ৰী এই বিদ্যালয়খনৰ দুৰৱস্থাৰ কথা বুজি পাব নে ? ইতিমধ্যে শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষাৰ্থী আৰু অঞ্চলটোৰ ৰাইজে বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে । অতি শীঘ্ৰে বিদ্যালয়খন পাঠদানৰ অনুকুল কৰাৰ লগতে সকলো সমস্যা সমাধানৰো দাবী জনাইছে শিক্ষাৰ্থী আৰু অভিভাৱকসকলে ।
লগতে পঢ়ক :কিয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে চাৰি শতাধিক বিদ্যালয় সম্পূৰ্ণকৈ বন্ধ কৰাৰ কথা ?