অসম

assam

By

Published : Sep 12, 2020, 9:55 PM IST

ETV Bharat / state

জৰাজীৰ্ণ দলঙে সংকট কঢ়িয়াইছে বকোৰ বগুৰীগুৰি-বটিয়ামাৰীবাসীলৈ

এখন জৰাজীৰ্ণ দলঙেৰে দীৰ্ঘদিনে বিপদ সংকুল যাত্ৰী অব্যাহত ৰাখিবলগীয়া হৈছে বকোৰ বগুৰীগুৰি-বটিয়ামাৰীবাসী ৰাইজে ৷ স্থানীয় বিধায়িকা নন্দিতা দাসে সমষ্টি উন্নয়ন কৰাৰ ক্ষেত্ৰত সম্পুৰ্ণ পিঠি দিয়াৰ অভিযোগ ৰাইজৰ ৷

জৰাজীৰ্ণ দলং
জৰাজীৰ্ণ দলং

বকো, 12 ছেপ্তেম্বৰ:চাওতে চাওতে নিৰ্বাচন পালেহি ৷ চৰকাৰ সলনি হ'ল কিন্তু উন্নতিহে নহ'ল ৷ এইয়া বকো সমষ্টিৰ এটা ব্যস্ত পথ ৷ দীৰ্ঘকাল ধৰি ৰাইজে পকী দলঙটো পিচৰে কথা এখন ভাল কাঠৰ দলঙো দেখা নাপালে ৷ নিৰ্বাচনৰ সময়ত সকলোৱে প্ৰতিশ্ৰুতি দি গুচি যায় ভোটটো লৈ,তাৰ পিচত ৰাইজক পাহৰে ৷ যাৰ বাবে এখন জৰাজীৰ্ণ কাঠৰ দলঙেৰে বিপদ সংকুল যাতায়াত কৰিবললগীয়া হৈছে বকোৰ বগুৰীগুৰি-বটিয়ামাৰীৰ ৰাইজে ৷

জৰাজীৰ্ণ দলঙে সংকট কঢ়িয়াইছে বকোৰ বগুৰীগুৰি-বটিয়ামাৰীবাসীলৈ

প্ৰায় চাৰি-পাঁচখন গাঁৱৰ ৰাইজৰ বাবে এখন কাঠৰ দলঙেই হৈছে যোগাযোগৰ একমাত্ৰ মাধ্যম ৷ বহু বছৰ পূৰ্বেই দলং খন হৈ পৰিছে চলাচলৰ বাবে অনুপযোগী ৷ যাৰ বাবে গভীৰ সমস্যাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজ ৷ যিকোনো সময়তে দলংখন ভাগি পৰাৰ সম্ভাৱনা প্ৰকট ৷ দলং খনেৰে পাৰ হ'বলগীয়া হয় বহু কণ-কণ ছাত্ৰ ছাত্ৰীও ৷ স্থানীয় ৰাইজে ৰাজহুৱা ধনেৰে প্ৰতিবছৰেই দলং খন নিৰ্মাণ কৰে যদিও,এইবেলি ৰাইজে গাঁঠিৰ ধন খৰচ কৰিব পৰা নাই ৷ সেয়ে স্থানীয় ৰাইজে চৰকাৰৰ সহায় বিচাৰিছে ৷ ইফালে স্থানীয় বিধায়িকা নন্দিতা দাসে সমষ্টি উন্নয়ন কৰাৰ ক্ষেত্ৰত সম্পুৰ্ণ পিঠি দিয়া বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

লগতে পঢ়ক:প্ৰাক্তন কংগ্ৰেছী বিধায়কৰ বিৰুদ্ধে ভূমি বেদখলৰ অভিযোগ

ABOUT THE AUTHOR

...view details