ৰঙিয়া,৯ নৱেম্বৰ : "বিজেপিৰ বিৰোধী দল হৈছে কংগ্ৰেছ আৰু আম আদমি পাৰ্টী । ইমান দিনে কংগ্ৰেছ দ্বিতীয় স্থানত আছিল । কিন্তু এতিয়া কোন দ্বিতীয় স্থানত থাকিব তাক লৈ আপ আৰু কংগ্ৰেছৰ মাজত প্ৰতিযোগিতা চলিছে । প্ৰতিযোগিতা কেৱল কংগ্ৰেছ আৰু আপৰ মাজতহে হৈছে । বিজেপি এই প্ৰতিযোগিতাত নাই । দৌৰত বিজেপি বহুত আগত আছে ।"এই মন্তব্য কমলপুৰ সমষ্টিৰ বিজেপি দলৰ বিধায়ক দিগন্ত কলিতাৰ (Diganta Kalita slams oppositions)।
মঙলবাৰে ৰাস মহোৎসৱৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি বিৰোধীক তীব্ৰ কটাক্ষ কৰে বিজেপি বিধায়কগৰাকীয়ে । তেওঁৰ মতে কংগ্ৰেছৰ চিন্তা হৈছে কংগ্ৰেছ দলে ইমান দিনে অসম তথা ভাৰতবৰ্ষতে দ্বিতীয় স্থান পাই আছিল । কিন্তু কংগ্ৰেছে এতিয়া দ্বিতীয় স্থানৰ বাবে আম আদমি পাৰ্টীৰ সৈতে প্ৰতিযোগিতা কৰিব লাগিব । আপ দ্বিতীয় স্থানত থাকিব নে কংগ্ৰেছ দল দ্বিতীয় স্থানত থাকিব সেয়া সময়তহে লক্ষণীয় হ'ব বুলি তেওঁ উল্লেখ কৰে । লগতে সেই সন্দৰ্ভত আপ আৰু কংগ্ৰেছ দলৰ মাজত সিদ্ধান্ত ল'ব লাগে বুলিও দুয়োটা দলক কটাক্ষ কৰে বিধায়ক দিগন্ত কলিতাই (Diganta Kalita slams AAP and Congress)।