অসম

assam

ETV Bharat / state

হিৰাগাটাৰ ভূমি বেদখলৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা লোৱা হ'ব: দিগন্ত কলিতা - ৰঙিয়াৰ হিৰাগাটাত বেদখল

ৰঙিয়াৰ হিৰাগাটা অঞ্চলত চৰকাৰী ভূমি বেদখল কৰা সকলে ভূমি এৰি দিয়ক ৷ অন্যথা ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি স্পষ্ট কৰি দিলে বিধায়ক দিগন্ত কলিতাই ৷

Diganta Kalita comments on land encroachment
হিৰাগাটাৰ ভূমি বেদখলৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা লোৱা হ'ব

By

Published : Aug 27, 2021, 10:07 PM IST

ৰঙিয়া, 27 আগষ্ট : 'চৰকাৰী ভূমিত যিসকল লোকে বেদখল কৰি আছে, সেই সকলে অতি সোনকালে চৰকাৰী ভূমিখিনি এৰি দিয়ক ৷ অন্যথা চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰী ভূমিত বেদখল কৰা লোকসকলৰ বিৰুদ্ধে ।' প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত নিৰ্মাণ হোৱা এটি ঘৰৰ উদ্বোধন কৰাৰ পাচতে এইদৰে মন্তব্য প্ৰকাশ কৰিলে বিধায়ক দিগন্ত কলিতাই ৷

কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই কয়, ৰঙিয়াৰ হিৰাগাটা অঞ্চলত থকা বহু চৰকাৰী ভূমিত বেদখল কৰিছে একাংশ লোকে । সেই লোকসকলে যাতে অতি সোনকালে বেদখল কৰি থকা চৰকাৰী মাটিখিনি এৰি দিয়ে ৷

হিৰাগাটাৰ ভূমি বেদখলৰ বিৰুদ্ধে বিশেষ ব্যৱস্থা লোৱা হ'ব

লগতে পঢ়ক:উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো সৰ্ববৃহৎ জাৱৰ নিষ্কাষণ প্ৰকল্প উদ্বোধন

চৰকাৰী মাটিখিনি যদি সেই লোকসকলে এৰি নিদিয়ে তেন্তে অতি সোনকালে চৰকাৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ ইতিমধ্যে চৰকাৰী সংশ্লিষ্ট বিভাগৰ সৈতে এই বিষয়ত আলোচনা কৰা হৈছে ৷ অতি সোনকালে সেই লোক সকলক উচ্ছেদ কৰি সেই ভূমি অন্য লোকক চৰকাৰে উচৰ্গা কৰিব বুলি মন্তব্য প্ৰকাশ কৰে বিধায়ক দিগন্ত কলিতাই ।

উল্লেখ্য যে, কমলপুৰ সমষ্টিৰ অন্তৰ্গত ৰঙিয়া নগৰৰ ৮ নং ৱাৰ্ডত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ অধীনত নিৰ্মাণ হোৱা এটি ঘৰ শুকুৰবাৰে উদ্বোধন কৰে বিধায়ক দিগন্ত কলিতাই ৷ উন্নয়নৰ সন্দৰ্ভত তেওঁ কয়, ৰঙিয়া অসমৰ ভিতৰতে দ্বিতীয়খন উন্নত চহৰ হ'বলৈ গৈ আছে । ৰঙিয়াৰ অধিকাংশ পথেই এতিয়া বহু উন্নত বুলি মন্তব্য প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে ৷

লগতে পঢ়ক:বিজেপিৰ অপৰাধ বিৰোধী মেচিনত সোমালেই সকলো নিকা হৈ পৰে : কংগ্ৰেছ

ABOUT THE AUTHOR

...view details