অসম

assam

ETV Bharat / state

সংবাদ মাধ‍্যমলৈ বিশেষ আহ্বান বিধায়ক দিগন্ত কলিতাৰ - নৱ নিৰ্বাচিত বিধায়ক

মহামাৰীৰৰ সময়ত যোগাত্মক বাতৰি পৰিবেশনত অধিক গুৰুত্ব আৰোপ কৰিবলৈ সংবাদ মাধ্যমক আহ্বান বিধায়ক দিগন্ত কলিতাৰ ৷ কৰ’ণাৰ বিৰুদ্ধে যুজখনত স্বাস্থ্য কৰ্মীসকলে স্বীকাৰ কৰা কষ্টৰ শলাগ ল’লে কমলপুৰ সমষ্টিৰ বিধায়ক গৰাকীয়ে ৷

As_rangia_18may_811_to_813_vis+bite+photo_diganta_kalita_bandana_sarma_AS10040
সংবাদ মাধ‍্যমলৈ বিশেষ আহ্বান বিধায়ক দিগন্ত কলিতাৰ

By

Published : May 18, 2021, 10:56 PM IST

ৰঙিয়া, 18 মে’ : সংবাদ মাধ্যমলৈ বিধায়ক দিগন্ত কলিতাৰ যোগাত্মক বাতৰি পৰিবেশনত অধিক গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান । ৰাষ্ট্ৰৰ শীৰ্ষ চহৰ সমূহ যেনে দিল্লী, মুম্বাই আদিৰ তুলনাত বৰ্তমান অসমৰ ক’ভিড পৰিস্থিতি যথেষ্ট ভাল হৈ আছে বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে ।

ক’ভিড মহামাৰীৰ দ্বিতীয়টো লহৰৰ সৈতে অৱতীৰ্ণ হোৱা যুঁজখনত স্বাস্থ্য কৰ্মীসকলৰ লগতে ডাক্তৰ সকলে যথেষ্ট কষ্ট স্বীকাৰ কৰাৰ কথা উল্লেখ কৰি বিধায়ক গৰাকীয়ে প্ৰত্যেকৰে কামৰ শলাগ লয়।

সংবাদ মাধ‍্যমলৈ বিশেষ আহ্বান বিধায়ক দিগন্ত কলিতাৰ

কমলপুৰ সমষ্টিৰ পৰা পোন প্ৰথমবাৰৰ বাবে বিধান সভালৈ নিৰ্বাচিত হোৱা বিধায়ক গৰাকীয়ে লগতে কয় যে,অশেষ কষ্ট কৰি থকা স্বাস্থ্য কৰ্মীসকলৰ বিষয়ে সংবাদমাধ্যমে যদিহে ঋণাত্মক বাতৰি প্ৰচাৰ কৰে মন ভাঙি পৰিব সকলোৰে ৷

উল্লেখযোগ্য যে, ৰঙিয়াৰ মহকুমাধিপতিৰ কাৰ্যালয়ত মঙলবাৰে অনুষ্ঠিত হৈছিল এক বিশেষ বৈঠক ৷ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সভাপতিত্বত আয়োজন কৰা এই বৈঠকখনত কমলপুৰৰ নৱ নিৰ্বাচিত বিধায়ক গৰাকীও উপস্থিত আছিল ।

লগতে পঢ়ক :নিশা চিকিৎসালয়ত বাধ্যতামূলক চিকিৎসকৰ উপস্থিতি

ABOUT THE AUTHOR

...view details