চিৰাং 24 এপ্ৰিলঃশুকুৰবাৰে চিৰাঙত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান উপস্থিত হৈ নামনি অসমৰ সাতখন জিলাৰ আৰক্ষী অধীক্ষক আৰু আৰক্ষী বেটেলিয়নৰ শীৰ্ষ বিষয়াৰে সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷ আজি বঙাইগাঁও আৰু চিৰাং আৰক্ষী প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা গুৰুত্বপূৰ্ণ সভাৰ অন্তত ৷ তেওঁ সদৰি কৰে যে লক ডাউনৰ ফলত অসমত হিংসাত্মক ঘটনা তথা অপৰাধমূলক ঘটনা হ্ৰাস পাইছে আৰু গাৰ্হস্থ্য হিংসাৰ ঘটনাও কমিছে অসমত ৷ আৰক্ষীৰ লোক সকলৰ মাজত আত্মবিশ্বাস জন্মাবলৈ সাহস দিয়ে আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয় ৷ আৰক্ষী সকলৰ মাজত ক‘ৰণা মহামাৰীৰ সৈতে যুজঁ দিবলৈ মাস্ক,পিপিই কিট,চেনিটাইজাৰ বিতৰণ কৰা বুলি জানিবলৈ দিয়ে ৷
চিৰাঙত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান - মাস্ক,পিপিই কিট,চেনিটাইজাৰ বিতৰণ
নামনিৰ সাতখন জিলাৰ শীৰ্ষ আৰক্ষী তথা অন্যান্য নিৰাপত্তা ৰক্ষীৰে গুৰুত্বপূৰ্ণ বৈঠকত,অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ৷
চিৰাঙত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান
মুখ্যমন্ত্ৰীয়ে যোৱা ২২ এপ্ৰিলত চিৰাং জিলা ভ্ৰমণৰ কৰি যোৱাৰ পিচতে আজি এইদৰে চিৰাং জিলা ভ্ৰমণ কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। গ্ৰীন জ'ন হিচাপে চিনাক্ত হোৱা চিৰাং আৰু বঙাইগাঁও জিলাত বিশেষ গুৰুত্ব প্ৰদান কৰিছে অসম চৰকাৰে। যাতে সকলো লোকেই লক ডাউন মানি চলি আৰু ক'ৰণা সংক্ৰমণৰ পৰা নিজকে কেনেদৰে ৰক্ষা কৰিব পাৰি তাৰ ওপৰত আৰক্ষীয়ে বিশেষ গুৰুত্ব প্ৰদান কৰিব বুলি উল্লেখ কৰে ৷
লগতে পঢকঃ বটদ্ৰৱাত গ্ৰামীন বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত দুৰ্নীতিৰ অভিযোগ
Last Updated : Apr 24, 2020, 8:40 PM IST