অসম

assam

ETV Bharat / state

বকোত যুৱতীক ধৰ্ষণ, ধনেৰে ঘটনাক গাপ দিয়াৰ চেষ্টা দেৱানী-মাতব্বৰ - 20 অক্টোবৰত কামৰূপৰ বকো মন্দিয়াত এগৰাকী যুৱতীৰ ওপৰত ধৰ্ষণৰ চেষ্টা চলাই চাৰিজন যুৱকে

বকোত যুৱতীক ধৰ্ষণৰ চেষ্টা চাৰি যুৱকৰ ৷ সমগ্ৰ ঘটনাক গাপ দিয়াৰ চেষ্টা দেৱানী-মাতব্বৰৰ ৷ আটক দুই দেৱানী ক্ৰমে আব্দুল মালেক আৰু আক্ৰাম হুছেইন ৷

দুই দেৱানী-মাতব্বৰ

By

Published : Oct 24, 2019, 10:45 PM IST

Updated : Oct 25, 2019, 8:46 AM IST

বকো ,24 অক্টোবৰঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে নাভূত নাশ্ৰুত ঘটনা ৷ বিগত 20 অক্টোবৰত কামৰূপৰ বকো মন্দিয়াত এগৰাকী যুৱতীৰ ওপৰত ধৰ্ষণৰ চেষ্টা চলাই চাৰিজন যুৱকে ৷ ধৰ্মীয় মেলা চাই ঘৰলৈ উভতি থকাৰ পথতেই নৱম মানৰ এগৰাকী ছাত্ৰীক মুখত ক'লা কাপোৰ পৰিধান কৰা চাৰি যুৱকে ধৰ্ষণৰ চেষ্টা চলায় ৷ যুৱক কেইজনৰ আক্ৰমণত চিঞৰ-বাখৰ কৰে যুৱতীগৰাকীয়ে ৷ যুৱতীগৰাকীৰ চিঞৰত ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ উদ্ধাৰ কৰে যুৱতীগৰাকীক ৷ আৰু তাৰ পাচতেই আৰম্ভ হয় দেৱানী মাতব্বৰ বিচাৰ প্ৰক্ৰিয়া ৷ আৰক্ষী-ন্যয়ালয়ৰ পৰিৱৰ্তে দেৱানীয়ে নিজেই আৰম্ভ কৰে সমগ্ৰ ঘটনাৰ বিচাৰ প্ৰক্ৰিয়া ৷ বিচাৰ অন্তত চাৰি যুৱকৰ পৰা 50 হাজাৰ টকাৰ জৰিমনা আদায় কৰাৰ সমান্তৰালকৈ ভুক্তভোগী যুৱতীগৰাকীৰ পিতৃৰ পৰা আদায় কৰে নগদ 40 হাজাৰ টকা ৷ ইপিনে, ভুক্তভোগী ছাত্ৰীগৰাকীয়ে ন্যায়ৰ আশাৰে মন্দিৰা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ৷

বকোত যুৱতীৰ সৈতে ধৰ্ষণ

ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত ২৩ অক্টোবৰৰ নিশা বকো আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া যোগেন্দ্ৰ বৰ্মনৰ নেতৃত্বত এটা অভিযান চলাই আটক কৰে দুই দেৱানী ক্ৰমে আব্দুল মালেক আৰু আক্ৰাম হুছেইনক ৷ কিন্তু এতিয়াও পলাতক অৱস্থাত ধৰ্ষণৰ কাণ্ডৰ লগত জড়িত চাৰি মূল অভিযুক্ত ৷ আৰক্ষীৰ ভাষ্য সমগ্ৰ ঘটনাক গাপ দি ৰখাৰ চেষ্টা চলাই দেৱানী মাতব্বৰে ৷

Last Updated : Oct 25, 2019, 8:46 AM IST

ABOUT THE AUTHOR

...view details