অসম

assam

ETV Bharat / state

বিকশিত অসমৰ উন্নয়নৰ নগ্ন স্বৰূপ ! - poor development in kalgachia

কৈ থাকিলে যে ওৰকে নপৰে ৰাজ্যৰ বাট পথৰ আমোল পৰিৱৰ্তনৰ কথা । কিমান উন্নয়ন হৈছে ৰাজ্যৰ গ্ৰামাঞ্চল সমূহ ৷ এই সন্দৰ্ভত চাওক আমাৰ এক প্ৰতিবেদন৷

বিকশিত অসমৰ উন্নয়নৰ নগ্ন স্বৰূপ

By

Published : Sep 26, 2019, 6:46 PM IST

কলগাছিয়া, বাইহাটা চাৰিআলি, বটদ্ৰৱাঃ ৰাজ্য চৰকাৰে অসমত উন্নয়নৰ ধাক-ঢোল বজাই থকা সময়তে কলগাছিয়াৰ মইনবড়ীত বিপদসংকুল যাত্ৰা শ শ ছাত্ৰ ছাত্ৰীৰ ৷ চৰকাৰে পাৰঘাটৰ নাও বন্ধ কৰি দিয়াৰ পাচতো অঞ্চলটোৰ লোক সকলে অনুজ্ঞাপত্ৰ বিহীন ব্যক্তিগত নাৱত ভাড়া দি বিপদসংকুল ভাবে পাৰাপাৰ হয় বেঁকী নৈ ৷ অঞ্চলবাসীয়ে জনোৱা অনুসৰি নৈত খনত চৰকাৰীভাৱে পাৰাপাৰ ব্যৱস্থা নথকাৰ বাবে বহু সময়ত ছাত্ৰ-ছাত্ৰী সকলে সময় মতে বিদ্যালয়ত উপস্থিত হ'ব নোৱাৰি দৈনিক পাঠদানৰ পৰা বঞ্চিত হ'ব লগীয়া হয় ৷

বিকশিত অসমৰ উন্নয়নৰ নগ্ন স্বৰূপ

উল্লেখ্য যে, কলগাছিয়া ৰাজহ চক্ৰ আৰু বাঘবৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত পশ্চিম মইনবড়ী, কিচমত মইনবড়ী, দেউলদি, টাকাকাটা, ৰামাপাৰা, সত্ৰ মইনবড়ী, মৰাবাজ, হালধীয়াপাৰা আদি গাঁৱৰ পৰা দৈনিক শ শ ছাত্ৰ-ছাত্ৰীয়ে এইদৰে পাঁচ টকা কৈ ভাড়া দি ভুটভুটীৰে বিপদসংকুল ভাৱে যাত্ৰা কৰে ৷ সেয়ে শীঘ্ৰে ছাত্ৰ ছাত্ৰী আৰু ৰাইজৰ সুবিধাৰ্থে অঞ্চলবাসীয়ে বেঁকী নৈৰ ওপৰত এখন দলং নিৰ্মাণ কৰিবলৈ চৰকাৰক দাবী জনাইছে ৷

ইপিনে, বাইহাটা চাৰিআলিত আকৌ কংক্ৰিটৰ যুগত বাঁহৰ সাঁকোৰে বিপদ সংকুল যাত্ৰা অঞ্চলবাসীৰ ৷ বৰলেচাকোনা গাঁৱৰ চেঁচা নৈৰ ওপৰত বাঁহৰ সাঁকোৰে নৈ পাৰ কৰিছে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ পথচাৰীয়ে ৷ অঞ্চলটোৰ প্ৰায় 15 খন মান গাঁৱৰ মানুহে যাতায়ত কৰা এই পথটোৰ চেঁচা নৈৰ ওপৰত দলং খন নোহোৱাৰ ফলত অতিৰিক্ত বহু পথ ঘূৰি যাবলগীয়া হয় অঞ্চলবাসীয়ে ৷ ৰোগীক চিকিৎসালয়লৈ নিবৰ বাবে 108 সোমাব নোৱাৰা এই পথটোত চেঁচা নৈৰ ওপৰত থকা বাঁহৰ সাঁকোৰ সলনি এখন পকী দলং বিচাৰিছে স্থানীয় ৰাইজে ।

আনহাতে, বটদ্ৰৱাত চৰকাৰলৈ বাট নাচাই ৰাইজে নিজৰ গাঁঠিৰ ধনেৰে নিমাৰ্ণ কৰিলে বাঁহৰ দলং ৷ বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ধূপগুৰি গাঁও পঞ্চায়তৰ ভেৰভেৰি গাঁৱত পথৰ দুৰৱস্থাৰ বাবেই বছৰ বছৰ ধৰি গাঁওবাসীয়ে জীয়াতু ভুগি আহিছে ৷ ৰাইজৰ অভিযোগ অনুসৰি 2016/17 বিত্তীয় বৰ্ষৰ এম জি এনৰেগাৰ কামত মেৰামতিৰ বাবে পঞ্চায়ত প্ৰতিনিধিয়ে এই পথৰ ওপৰত আধাৰশিলা স্থাপন কৰিছিল ৷ কিন্তু আধাৰশিলা স্থাপন কৰাৰ পাচতো স্থগিত হৈ ৰ'ল পথ নিৰ্মাণৰ কাম ৷ এই ক্ষেত্ৰত বটদ্ৰৱা উন্নয়ন খণ্ডৰ অভিযন্তা তথা সমষ্টিটোৰ বিধায়িকা গৰাকীয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৰাইজৰ ৷ ইয়াকে লৈ সমষ্টিটোৰ বিধায়িকা আঙুৰলতা ডেকাৰ লগতে পঞ্চায়ত প্ৰতিনিধি গৰাকীৰ ওপৰতো ক্ষোভ গাঁওখনৰ ৰাইজৰ ৷ অৱশেষত ৰজাঘৰীয়ালৈ বাট নাচাই ৰাইজে নিজেই নিৰ্মাণ কৰিলে বাঁহৰ দলং ৷

লগতে চাওক : ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ : মাজুলী গড়কাপ্তানি বিভাগৰ মিঠ্যাচাৰ ফাদিল

ABOUT THE AUTHOR

...view details