অসম

assam

By

Published : Jun 27, 2021, 10:24 PM IST

Updated : Jun 27, 2021, 10:30 PM IST

ETV Bharat / state

অচিৰেই ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি 'দেউতা'

ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে বৰ্তমান সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে অসমীয়া ছবি তথা থিয়েটাৰ উদ্যোগ ৷ এমুঠি অন্নৰ বাবে এতিয়া হাহাকাৰ কৰিব লগীয়া হৈছে চিনেমা তথা থিয়েটাৰৰ লগত জড়িত হৈ পৰিয়াল পোহপাল দিয়া কলা-কুশলী সকলে ৷ কিন্তু ইয়াৰ মাজতে অচিৰেই ছবিগৃহলৈ আহিব এখন নতুন অসমীয়া ছবি ৷

deuta-a-new-assamese-movie-will-release-soon
অচিৰেই ছবিগৃহলৈ আহিব নতুন অসমীয় ছবি 'ডেউতা'

গুৱাহাটী,27 জুন: ক'ভিড সৃষ্ট ভয়াৱহ পৰিস্থিতিৰ গ্ৰাসত পৰি আন বহু উদ্যোগৰ সমান্তৰালকৈ ক্ষতিগ্ৰস্ত হৈছে ছবি তথা থিয়েটাৰ উদ্যোগটো ৷ যোৱা দুটা বৰ্ষত অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ তথা চিনেমাৰ কাম সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ বাবে শিল্পী তথা কলা-কুশলী সকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ৷ ইয়াৰ মাজতে অসমৰ সাংস্কৃতিক জগতখনক বিশেষকৈ অসমৰ ছবি উদ্যোগটোক পুনৰুজ্জীৱিত কৰি ৰাখিবলৈ আৰু ছবি নির্মাণৰ ধাৰাটো অব্যাহত ৰাখিবলৈ সংকল্পবদ্ধ হৈছে 'গৌৰী ফিল্মছ' ৷ ইতিমধ্যে প্ৰযোজনা গোষ্ঠীটোৰ বেনাৰত নিৰ্মিত প্ৰস্তুতি পৰাশৰ অভিনীত এখন বিগ বাজেটৰ ছবি 'গংগা'ৰ প'ষ্ট প্ৰডাকচনৰ কাম পূর্ণগতিত চলি আছে ৷

আনহাতে 'গৌৰী ফিল্মছ'ৰ বেনাৰতে এইবাৰ নিৰ্মাণ হৈ উঠিছে আন এখন কলাত্মক ধাৰাৰ ছবি 'দেউতা' ৷ অভিজিত ভট্টাচার্যৰ কাহিনী-চিত্ৰনাট্য আৰু সংলাপেৰে তথা মনোজ বৈশ্যৰ পৰিচালনাত নিৰ্মিত ছবি 'দেউতা' ৰ প্ৰযোজনা কৰিছে গৌৰী ফিল্মছৰ বাচ্চু ৰয়ে ৷ ছবিখনেৰে জড়িত ব্যক্তিসকলে জনোৱা মতে, ছবিখনত এদিন হঠাতে সন্ধানহীন হৈ পৰা দেউতাকক বিচাৰি এটি কণমানি শিশুৰ অন্তহীন যাত্ৰাৰ এক স্পর্শকাতৰ বিষয়ক উপস্থাপন কৰা হৈছে ৷ লগতে ছবিখনৰ মাজেদি বহু সামাজিক বিষয়বস্তুকো স্পর্শ কৰা হৈছে ৷

দেওবাৰে মহানগৰীৰ হোটেল ভিআইপি'ত ছবিখনৰ পোষ্টাৰ-প্ৰম’ আদি মুকলি কৰা হয় ৷ অনুষ্ঠানত উপস্থিত থাকে ছবিখনৰসমূহ কলা-কুশলীৰ লগতে অভিনেতা যতীন বৰা ৷ অচিৰেই অসমীয়া ছবিজগতলৈ ভাল দিন ঘূৰি আহিব বুলি মন্তব্য কৰিছে যতীন বৰাই ৷

অচিৰেই ছবিগৃহলৈ আহিব নতুন অসমীয়া ছবি 'দেউতা'

ছবিখনৰ কাহিনী-চিত্ৰনাট্য আৰু সংলাপেৰে সজাই তোলা অভিজিত ভট্টাচার্যই মনৰ ভাৱ প্ৰকাশ কৰি কয় যে, অতি সোনকালে পুনৰ অসমীয়া ছবি জগতলৈ ভাল দিন আহিব ৷ ভাল ছবি হ’লে ৰাইজে নিশ্চয় ছবিগৃহত ভীৰ কৰিব বুলি মন্তব্য কৰি ছেপ্তেম্বৰ মাহতে ছবিখন দৰ্শকৰ মাজলৈ আগবঢ়াই দিয়া হ'ব বুলি মন্তব্য কৰে অভিজিত ভট্টাচার্যই ৷

ছবিখনৰ কলা-কুশলীসকলে জনোৱা মতে, কণমানি শিশু শিল্পী সৃষ্টি ৰয়ৰ অনবদ্য অভিনয় এই ছবিখনৰ অন্যতম আকর্ষণ হ’ব ৷ সৃষ্টিৰ লগতে 'দেউতা' নামৰ ছবিখন অভিনয় কৰিছে সঞ্জীৱ শৰ্মা, অঞ্জনজ্যোতি বেজ, প্ৰকাশ মেধি, দ্বীবন কুমাৰ বৈশ্য, ৰঞ্জন দাস, মাইনু গগৈ, অর্চনা দাস, কৃষ্ণাশ্ৰী ডেকা আদিকে ধৰি বহু ন-পুৰণি শিল্পীয়ে ৷ ছবিখনত থাকিব লগা দুটি গীতৰ কথা অভিজিত ভট্টাচাৰ্যৰ আৰু সুৰ অহিৰ ভৈৰৱৰ ৷ ছবিখনৰ শীর্ষ গীতত কণ্ঠদান কৰিছে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গে ৷

লগতে পঢ়কঃঐতিহাসিক দীঘলীপুখুৰীত প্ৰায় ১০ কুইণ্টল মাছৰ মৃত্যু

Last Updated : Jun 27, 2021, 10:30 PM IST

ABOUT THE AUTHOR

...view details