অসম

assam

ETV Bharat / state

অবাধে ধ্বংস সেউজ পাহাৰ ! নিমাত বন বিভাগ - আমিনগাঁও

কামৰূপৰ ঠায়ে ঠায়ে ব্যাপক বন ধ্বংস ৷ অসাধু ব্যৱসায়ীয়ে বন বিভাগক মেনেজ কৰি চলাইছে ৰমৰমীয়া অবাধ বেহা ৷

Destroy Hills of Kamrup
অবাধে ধ্বংস সেউজ পাহাৰ ! নিমাত বন বিভাগ

By

Published : Jan 25, 2020, 1:24 PM IST

কামৰূপ, 25 জানুৱাৰীঃ বন ধ্বংসৰ অবাধ বেহা কামৰূপত ৷ কামৰূপৰ বিভিন্ন ঠাইত উপদ্ৰৱ বনধ্বংসকাৰী অসাধু ব্যৱসায়ীৰ ৷ এফালৰ পৰা তহিলং কৰিছে উত্তৰ কামৰূপৰ সেউজ বননি ৷ আৰক্ষী প্ৰশাসন তথা বন বিভাগক মেনেজ কৰিয়েই চলিছে এই ৰমৰমীয়া ব্যৱসায় ৷ কামৰূপৰ দীৰ্ঘেশ্বৰী, আমিনগাঁও, চাংসাৰী, চিলা, মলং, মান্দাকাটাৰ বিভিন্ন পাহাৰত দিনে নিশাই এচাম অসাধু ব্যৱসায়ীয়ে চলাইছে পাহাৰ ধ্বংস কাৰ্য ৷ অৰ্ধ শতাধিক ডাম্পাৰ তথা জেচিবিৰে বন বিভাগৰ একাংশ বিষয়া কৰ্মচাৰীক মেনেজ কৰি এই পাহাৰ ধ্বংস কাৰ্যত লিপ্ত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে ৷

অবাধে ধ্বংস সেউজ পাহাৰ ! নিমাত বন বিভাগ

উল্লেখ্য যে সকলো দেখি শুনিও নিমাত উত্তৰ কামৰূপ বন সংমণ্ডল বিষয়া ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷ বন বিষয়া ৰঞ্জিৎ দত্ত আৰু দীপক ডেকাৰ বিৰুদ্ধে উত্থাপিত হৈছে সকলো দেখি শুনিও মাত নমতাৰ অভিযোগ ৷

আৰু পঢ়কঃচিকিৎসাৰ অভাৱত আইচিইউত মৃত্যু ডেৰমহীয়া শিশুৰ

ABOUT THE AUTHOR

...view details