কামৰূপ,31জুলাই : আজি বিধান সভাত অনুষ্ঠিত হ'ব উপাধ্যক্ষ নিৰ্বাচন ৷ শূণ্যকালীন ঘণ্টাৰ পিছতে অনুস্থিত হ'ব এই নিৰ্বাচন ৷ বিধান সভাৰ উপাধ্যক্ষ পদৰ বাবে বিজেপিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে একমাত্ৰ আমিনুল হক লস্কৰে ৷ আমিনুল হক লস্কৰে সোনাই সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰে ৷ বৰ্তমানলৈকে উপাধ্যক্ষ পদৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ অথবা এ আই ইউ ডি এফৰ কোনো সদস্যই মনোনয়ন পত্ৰ দাখিল কৰা নাই ৷ বিজেপিৰ একমাত্ৰ ধৰ্মীয় সংখ্যালঘু বিধায়ক আমিনুল হক । কিছুসময়ৰ পিছতে আমিনুল হক লস্কৰক বিনা প্ৰতিদ্বন্দিতাৰে উপাধ্যক্ষৰ নিৰ্বাচনত জয় ঘোষণা কৰা সম্ভাৱনা প্ৰকট হৈ পৰিছে ।
আজি বিধান সভাত অনুষ্ঠিত হ'ব উপাধ্যক্ষ নিৰ্বাচন - কৰিমগঞ্জ
আজি বিধান সভাত অনুষ্ঠিত হ'ব উপাধ্যক্ষ নিৰ্বাচন ৷ আমিনুল হক লস্কৰে সোনাই সমষ্টিৰ পৰা উপাধ্যক্ষ পদৰ বাবে কৰিছে প্ৰতিদ্বন্দিতা ৷
আজি বিধান সভাত অনুষ্ঠিত হ'ব উপাধ্যক্ষ নিৰ্বাচন
উল্লেখযোগ্য যে ৰাতাবাৰী সমষ্টিৰ বিজেপি বিধায়ক কৃপানাথ মাল্লা কৰিমগঞ্জ সংসদীয় সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱাত খালী হৈছিল বিধানসভাৰ উপাধ্যক্ষৰ পদ ৷ ইয়াৰ পূৰ্বে শিলচৰৰ বিধায়ক দিলীপ পালে নাগৰিকত্ব আইন সংশোধনী বিধেয়কক লৈ ৰাজ্যত চলা প্ৰৱল আন্দোলনৰ সময়ত বহু কেইটা কাৰন প্ৰদৰ্শন কৰি উপাধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছিল ৷
Last Updated : Jul 31, 2019, 10:54 AM IST