নিউজ ডেস্ক,9 মে’:নিৰ্বাচনী ফলাফল ঘোষণাৰ সম্পূৰ্ণ এসপ্তাহৰ পিছত আজি দিছপুৰত হ’ব বিজেপি বিধায়িনী দলৰ বৈঠক ৷ য’ত নিশ্চিত হ’ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ৷
যদিও বিধায়িনী দলৰ বৈঠকত মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত হ’ব বুলি জানিবলৈ দিয়া হৈছে, প্ৰকৃততে শনিবাৰে দিল্লীৰ বৈঠকত ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে পৰৱৰ্তী মুখ্যমন্ত্ৰী সম্পৰ্কত ৷ এই সম্পূৰ্ণ ব্লু-প্ৰিন্ট দিল্লীতেই প্ৰস্তুত কৰা হৈছে, আজি মাথো প্ৰকাশ কৰা হ’ব এই সিদ্ধান্তৰ আনুষ্ঠানিকতা ৷
শনিবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ বাসগৃহত অনুষ্ঠিত মাৰাথন বৈঠকৰ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য তথা বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নিশাই দিল্লীৰ পৰা অসমলৈ উভতি আহে ৷
দিল্লীৰ পৰা বিজেপি কেন্দ্ৰীয় নেতৃত্বই অসমলৈ পঠিয়াই কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ, দলৰ সাধাৰণ সম্পাদক অৰুণ সিং, অসমৰ পৰ্যবেক্ষক বৈজয়ন্ত জয় পাণ্ডা আৰু দলৰ সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষক ৷ এই চাৰিজনৰ দুজনক কেন্দ্ৰীয় নেতৃত্বই হ’বলগীয়া বিধায়িনী দলৰ বৈঠকৰ বাবে পৰ্যবেক্ষকৰ দায়িত্ব দিব ৷