ৰঙিয়া, 25 জুন :দুষ্ট চক্ৰই গছ কাটি তহিলং কৰিছে উত্তৰ কামৰূপ বন সংমণ্ডলৰ তুলসীবাৰীত থকা সংৰক্ষিত এলেকাত । প্ৰায় 120 বিঘা মাটিকালিৰ বৃহৎ সংৰক্ষিত এলেকাটোত আছে বিভিন্ন মূল্যবান গছ-গছনি । কিন্তু দুষ্ট চক্ৰই ৰাতিৰ এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি বহু গছ-গছনি কাটি লৈ যোৱা পৰিলক্ষিত হৈছে । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বহুদিনৰ পৰাই বনাঞ্চলখনত বন ধ্বংস যজ্ঞ চলি আছে যদিও বন বিভাগ আৰু প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় সচেতন ৰাইজে ।
মন কৰিবলগীয়া যে, এসময়ত বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটী আৰু জীৱ-জন্তুৰে ভৰি থকা বনাঞ্চলখনত এতিয়া বনৰীয়া জন্তু সততে দৃষ্টিগোচৰ নহয় বুলিও আক্ষেপ প্ৰকাশ কৰিছে প্ৰকৃতিপ্ৰেমী সকলে ৷ বনাঞ্চলখনৰ তদাৰকৰ দায়িত্বত থকা বন বিভাগৰ কৰ্মচাৰীগৰাকীৰ প্ৰায় সাত বছৰ পূৰ্বে মৃত্যু হৈছে । তাৰ পিছৰ পৰা বৰ্তমানলৈকে কোনো লোককেই উক্ত পদটোত নিযুক্তি দিয়া হোৱা নাই । যাৰ ফলত তদাৰক কৰা লোকৰ অভাৱত এসময়ত যথেষ্ট ঘন হৈ থকা হাবিডৰা এতিয়া ঠায়ে ঠায়ে পাতল হৈ পৰিছে ।