গুৱাহাটী, ৪ জানুৱাৰীঃ ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগে ৰাজ্যৰ বিভিন্ন জিলাৰ মাটিৰ দাম নতুনকৈ নিৰ্ধাৰণ কৰি এক খচৰা প্ৰস্তাৱ যুগুত কৰি উলিয়াইছে । যাৰ ফলত ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাব মাটিৰ দাম (Land price hike in Assam)। চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ।
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেবব্ৰত শইকীয়াই । সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, ইয়াৰ দ্বাৰা চৰকাৰ লাভাম্বিত হ'ব । অধিক কৰ সংগ্ৰহ কৰিব পাৰিব । নিজস্ব আয় বৃদ্ধিৰ বাবে চৰকাৰে বিভিন্ন ক্ষেত্ৰত কৰ-কাটলৰ বোজা জাপি দিয়াৰ পিচত এইবাৰ মাটিৰ দাম বৃদ্ধিৰে ৰাজ্যবাসীৰ ওপৰত কৰৰ বোজা জাপি দিব । মাটিৰ দাম বৃদ্ধিৰ ফলত সাধাৰণ মধ্যবিত্তৰ বাবে গুৱাহাটীত মাটি লৈ ঘৰ সজাতো সপোন হৈ ৰ'ব । একমাত্ৰ ৰাজহ বৃদ্ধিৰ লক্ষ্যৰে চৰকাৰে মাটিৰ মূল্য বৃদ্ধি কৰিব বিচাৰিছে বুলি কয় দেবব্ৰত শইকীয়াই ।