গুৱাহাটী, ২০ ফেব্ৰুৱাৰী: গুৱাহাটী মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত ভৱানীপুৰৰ পূব গণেশপুৰৰ বাথৌঘুলি অঞ্চলত সোমবাৰে বিয়লি এজন যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত অব্যাহত আছে তীব্ৰ চাঞ্চল্য (Body recovered in Guwahati)। উদ্ধাৰ হোৱা মৃতদেহটো বাথৌঘুলি অঞ্চলৰ গৌতম গোহাঁইৰ (৩৭) বুলি আৰক্ষী তথা পৰিয়ালৰ লোকে চিনাক্ত কৰিছে । মঙলবাৰে নুনমাটি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰশান্ত বৰাৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ ভুক্তভোগী পৰিয়ালৰ লগতে স্থানীয় লোককো সোধপোচ কৰে ।
উল্লেখ্য যে, যোৱা ১৭ ফেব্ৰুৱাৰী অৰ্থাৎ শুকুৰবাৰে বিয়লি ভাগৰ পৰা গৌতম গোহাঁই নামৰ যুৱকজন নিৰুদ্দেশ হৈ আছিল (Death Body of youth recovered at Noonmati)। পৰিয়ালৰ লোকে সম্ভাব্য স্থানত বিচাৰ খোচাৰ কৰিছিল যদিও যুৱকজনৰ সম্ভেদ উলিয়াব পৰা নাছিল । এই সন্দৰ্ভত পৰিয়ালৰ লোকে পিচদিনাই নুনমাটি থানাত যুৱকজন সন্ধানহীন হোৱা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে ।
কিন্তু সোমবাৰে বিয়লি প্ৰায় ৩ মান বজাত নিজৰ ঘৰৰ চৌহদৰ পিচফালৰ জংঘলৰ মাজত আঁঠু কাঢ়ি থকা অৱস্থাত কোনো লোকে প্ৰত্যক্ষ কৰে এটা মৃতদেহ । পিচত তেওঁ বিষয়টো আন কেইবাজনো লোকক অৱগত কৰে । তেনে সময়তে স্থানীয় লোকৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হোৱা নুনমাটি আৰক্ষীয়ে ৰাইজৰ সহযোগত ক্ষত-বিক্ষত অৱস্থাত যুৱক -জনৰ মৃতদেহটো উদ্ধাৰ কৰে । পৰৱৰ্তী সময়ত আৰক্ষীয়ে উদ্ধাৰ কৰা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছ লৈ প্ৰেৰণ কৰে ।