আজাৰা, 7 মে':লক্ ডাউনৰ মাজতে বৰঝাৰ বিমান বন্দৰৰ সমীপৰ ডেকাপাৰাত, বন্ধ কোঠাত উদ্ধাৰ এহাল দম্পতীৰ মৃতদেহ । মামনি দাস নামৰ মহিলাগৰাকীৰ অট্টালিকাত ভাড়াতীয়া হিচাপে থকা, বৰঝাৰ বিমান বন্দৰৰ নিৰ্মাণৰত টাৰ্মিনেলত কনিষ্ঠ অভিযন্তা হিচাপে কৰ্মৰত সমীৰ ৰঞ্জন কুম্ভকাৰ আৰু পত্নী অনিতা কুমাৰী কুম্ভকাৰৰ মৃতদেহ উদ্ধাৰক লৈ ৰহস্য স্থানীয় লোকৰ মাজত । উল্লেখ্য যে, দম্পতীহালৰ ঘৰ চাবুৱাত বুলি জানিবলৈ পৰা গৈছে ।
বন্ধ কোঠাত দম্পতীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য - লক্ ডাউন
বৃহস্পতিবাৰে লক্ ডাউনৰ মাজতে বৰঝাৰ বিমান বন্দৰৰ সমীপৰ ডেকাপাৰাত, দম্পতীৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ ।

অট্টালিকাৰ স্বত্বাধিকাৰী মহিলাগৰাকীয়ে দুদিন ধৰি দম্পতীহালে দুৱাৰ বন্ধ ৰখাত, বুধাবাৰে নিশা আৰক্ষী আৰু আত্মীয়ক অৱগত কৰিছিল । বৃহস্পতিবাৰে পুৱাই আৰক্ষীৰ সহযোগত স্থানীয় ৰাইজে ভিতৰৰ পৰা বন্ধ দুৱাৰ খুলি দম্পতীহালৰ মৃতদেহ উদ্ধাৰ কৰে । চিলিং ফেনত পত্নীয়ে চিপ লৈ ওলমি থকাৰ বিপৰীতে স্বামীৰ মৃতদেহ পৰি আছিল মজিয়াত । প্ৰায় ডেৰ বছৰ ধৰি ভাড়াতীয়া হিচাপে থকা দম্পতীহালৰ এই ৰহস্যজনক মৃত্যুৰ প্ৰকৃত ৰহস্য এতিয়াও পোহৰলৈ অহা নাই । আনহাতে অট্টালিকাৰ গৰাকী মামনি দাসে দম্পতীহালৰ মাজত দীৰ্ঘদিনে কোনো বিবাদ দেখা পোৱা নাই বুলিও উল্লেখ কৰে ।
লগতে পঢ়কঃবায়ুসেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত !