বকো,13 জুলাই: কামৰূপৰ বকোত উদ্ধাৰ হৈছে এটা মৃতদেহ ৷ সোমবাৰে পুৱা উদ্ধাৰ হোৱা মৃতদেহটো মেধিপাৰা গাঁৱৰ দেৱেশ্বৰ দাস নামৰ ব্যক্তিগৰাকীৰ বুলি জানিব পৰা গৈছে ৷ বকোৰ আউনীআটীৰ আলেকজাৰী গাঁৱৰ মাজেৰে বৈ যোৱা বকো নৈত মৃতদেহটো ওপঙি থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীক । ততালিকে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এছডিআৰএফ বাহিনীৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰে ৷
বকো নৈত উদ্ধাৰ নিৰুদ্দিষ্ট ব্যক্তিৰ মৃতদেহ - Boko Medhipara
সোমবাৰে পুৱা বকো নৈত উদ্ধাৰ হৈছে এটা মৃতদেহ ৷ মৃতদেহটো মেধিপাৰা গাঁৱৰ দেৱেশ্বৰ দাস নামৰ ব্যক্তিগৰাকীৰ বুলি জানিব পৰা গৈছে ৷ বকো নৈত মৃতদেহটো ওপঙি থকা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীক ।
![বকো নৈত উদ্ধাৰ নিৰুদ্দিষ্ট ব্যক্তিৰ মৃতদেহ deadbody recovered from boko kamrup assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8004390-thumbnail-3x2-a.jpg)
বকো নৈত মৃতদেহ উদ্ধাৰ
বকো নৈত মৃতদেহ উদ্ধাৰ
ঘটনাৰ বিৱৰণী অনুসৰি,পেচাত এগৰাকী খেতিয়ক দেৱেশ্বৰ দাস নামৰ ব্যক্তিগৰাকীয়ে শনিবাৰে পথাৰত কাম সমাপ্ত কৰি শাওণমহীয়া বকো নৈ সাঁতুৰি পাৰ হ’বলৈ চেষ্টা কৰোতেই নৈৰ প্ৰবল সোঁতে উটুৱাই লৈ যায় ৷ শনিবাৰৰ পৰা আৰক্ষীয়ে ব্যক্তিগৰাকীৰ সন্ধান অব্যাহত ৰাখিছিল যদিও সন্ধান উলিওৱাত ব্যৰ্থ হয় ৷ পৰৱৰ্তী সময়ত অৰ্থাৎ সোমবাৰে মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছত আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷