বাইহাটাৰ কলাজল নৈত উদ্ধাৰ যুৱকৰ মৃতদেহ - হিৰক জ্যোতি দাস
স্থানীয় মাছমৰীয়াই কলাজল নৈত প্ৰত্যক্ষ কৰে যুৱকৰ মৃতদেহ ৷ শুকুৰবাৰে নৈয়ে উটুৱাই নিছিল যুৱকজনক । যুৱকজন ধনাখণ্ডা গাঁৱৰ হিৰক জ্যোতি দাস
বাইহাটা চাৰিআলি, 20 জুলাই : বাইহাটা চাৰিআলিৰ কলাজল নদীত মৃতদেহ উদ্ধাৰ ৷ শনিবাৰে পুৱা স্থানীয় মাছমৰীয়া এজনে কলাজল নৈত এটা মৃতদেহ ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে ৷ যুৱকজন ধনাখণ্ডা গাঁৱৰ হিৰক জ্যোতি দাস বুলি চিনাক্ত ৷ ৰাজ্যৰ চৌদিশে বানৰ ভয়াৱহ পৰিস্থিতি অব্যাহত থকাৰ সময়তে বাৰিষাৰ ভৰা নৈয়ে শুকুৰবাৰে উটুৱাই নিছিল যুৱকজনক । শুকুৰবাৰৰ পৰা ভৰা নৈ কলাজলত নিখোজ হৈ আছিল যুৱকজন ৷ নিজ গাঁৱৰে এজন মৃত ব্যক্তিৰ সৎকাৰ কৰি আহি এই দুৰ্ঘটনাত পতিত হৈছিল হিৰক জ্যোতি দাস । আজি স্থানীয় ৰাইজৰ সহযোগত পৰিয়ালৰ লোকে নৈ পৰা উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ ৷