বাইহাটা, 27 মে’: হাজোৰ ডিঙাৰাত বৃহস্পতিবাৰে ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে এজন যুৱকৰ মৃতদেহ । ডিঙি কটা অৱস্থাত উদ্ধাৰ হৈছে বিশ্বজিৎ কলিতা নামৰ যুৱকজনৰ মৃতদেহ । ডিঙাৰা গাঁৱৰ বাঁহনিৰ মাজত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷
পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত কঞা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷ ইফালে আৰক্ষীয়ে মৃতদেহটোৰ কাষৰ পৰা চোকা অস্ত্ৰও উদ্ধাৰ কৰে ৷ মৃত যুৱকজন পেচাত এজন মিস্ত্ৰি বুলি জানিব পৰা গৈছে ৷