অসম

assam

By

Published : Mar 26, 2021, 2:03 PM IST

Updated : Mar 26, 2021, 2:13 PM IST

ETV Bharat / state

চিকিৎস্যালয়ত ড্ৰাগচ আসক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

আমিনগাঁৱৰ চিকিৎস্যালয়ত উদ্ধাৰ ড্ৰাগচ আসক্ত ব্যক্তিৰ মৃতদেহ ৷ চিকিৎস্যালয়খনৰ শৌচালয়ত উদ্ধাৰ হৈছে সন্তোষ ৰয় নামৰ লোকজনৰ মৃতদেহ । মৃতদেহৰ লগত উদ্ধাৰ হৈছে চিৰিঞ্জ আৰু ড্ৰাগছৰ কন্টেইনাৰ ।

dead body found in amingaon
চিকিৎস্যালয়ত ড্ৰাগচ আসক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

বাইহাটা, 26 মাৰ্চ :কামৰূপৰ আমিনগাঁৱৰ চিকিৎস্যালয়ত উদ্ধাৰ ড্ৰাগচ আসক্ত ব্যক্তিৰ মৃতদেহ ৷ আমিনগাঁও তোলাৰাম বাফনা অসামৰিক চিকিৎস্যালয়ত উদ্ধাৰ হৈছে মৃতদেহটো ৷ চিকিৎস্যালয়খনৰ শৌচালয়ত উদ্ধাৰ হৈছে বিহাৰৰ মোজাফৰ নগৰৰ সন্তোষ ৰয় নামৰ লোকজনৰ মৃতদেহ । মৃতদেহৰ লগত উদ্ধাৰ হৈছে চিৰিঞ্জ আৰু ড্ৰাগছৰ কন্টেইনাৰ ।

চিকিৎস্যালয়ত ড্ৰাগচ আসক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে উত্তৰ গুৱাহাটীৰ গৌৰীপুৰ আৰক্ষী । লোকজন ড্ৰাগছ আসক্ত হৈ আত্মহত্যাৰ সন্দেহ কৰিছে প্ৰত্যক্ষদৰ্শী আৰু আৰক্ষীয়ে । এতিয়া আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য । এতিয়া চিকিৎস্যালয়খনৰ শৌচালয়ত এনেদৰে মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : ধেমাজি প্ৰেছ ক্লাৱত কংগ্ৰেছৰ প্ৰাৰ্থী শৈলেন সোণোৱালৰ সংবাদমেল

Last Updated : Mar 26, 2021, 2:13 PM IST

ABOUT THE AUTHOR

...view details