অসম

assam

ETV Bharat / state

কামৰূপৰ বায়ুমণ্ডলত ভয়াৱহ ৰূপত বৃদ্ধি হৈছে প্ৰদূষণ - কামৰূপ জিলা

কামৰূপ জিলাৰ কেইবাটাও অঞ্চলত থকা সৰু-বৰ কল কাৰখানা সমূহেই মুলতঃ এই পৰিস্থিতিৰ বাবে দায়ী । প্ৰদুষণ নিয়ন্ত্ৰণৰ বাবে নিৰূপণ কৰা পদ্ধতি সমূহ উদ্যোগসমূহে গ্ৰহণ নকৰাৰ ফলত প্ৰদূষণৰ পৰিমাণ ইমান বৃদ্ধি হোৱা বুলি অভিযোগ উত্থাপিত হৈছে। বিশেষকৈ মৰাঞ্জনাস্থিত উদ্যোগিক পামৰ পৰা নিৰ্গত প্ৰদূষিত পদাৰ্থই ইতিমধ্যে ওচৰৰ এলেকাৰ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ।

কামৰূপৰ বায়ুমণ্ডলত ভয়াবহ প্ৰদূষণ

By

Published : Nov 25, 2019, 4:55 PM IST

ৰঙিয়া, 25 নৱেম্বৰ: বায়ু প্ৰদূষণৰ বাবে দেশৰ ৰাজধানী দিল্লীত প্ৰায় এমাহৰ পূৰ্বে চৰকাৰী ভাৱে বন্ধ দিবলগীয়া হোৱাৰ পিছতেই কামৰূপ জিলাৰ বায়ুমণ্ডলত থকা প্ৰদূষণৰ বিষয়েও এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। সামাজিক সংগঠন উত্তৰ কামৰূপ কৃষিভূমি আৰু পৰিৱেশ সংৰক্ষণ সমিতিয়ে চলোৱা এক জৰীপত এই কথা স্পষ্ট হৈ পৰিছে যে কামৰূপৰ বায়ুমণ্ডলত বৰ্তমান অস্বাস্থ্যকৰ হৈ পৰিছে। উল্লেখযোগ্য যে,বায়ুমণ্ডলৰ প্ৰদূষণৰ মাত্ৰা জুখিব পাৰি,সাধাৰণতে বায়ুমণ্ডলত AQI ২৫ থাকিব লাগে। কিন্তু অক্টোবৰৰ পৰা নৱেম্বৰলৈ এমাহ ধৰি চলোৱা জৰীপত কামৰূপৰ বায়ুমণ্ডলৰ AQI সৰ্বোচ্চ ২০৩ পোৱা গৈছে,যিটো অস্বাস্থ্যকৰ বুলি ধৰা হয় ।

কামৰূপৰ বায়ুমণ্ডলত ভয়াবহ প্ৰদূষণ
কামৰূপ জিলাৰ কেইবাটাও অঞ্চলত থকা সৰু-বৰ কল-কাৰখানা সমূহেই মূলত এই পৰিস্থিতিৰ বাবে দায়ী । প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে নিৰূপণ কৰা পদ্ধতি সমূহ উদ্যোগসমূহে গ্ৰহণ নকৰাৰ ফলত প্ৰদূষণৰ পৰিমাণ যথেষ্ট বৃদ্ধি হোৱা বুলি অভিযোগ উত্থাপিত হৈছে। বিশেষকৈ মৰাঞ্জনাস্থিত উদ্যোগিক পামৰ পৰা নিৰ্গত প্ৰদূষিত পদাৰ্থই ইতিমধ্যে ওচৰৰ এলেকাৰ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। অঞ্চলটোৰ বাসিন্দাসকলৰ মাজত ইতিমধ্যে চৰ্মৰোগ,কেঞ্চাৰ আৰু পেটৰ বিভিন্ন বেমাৰে জটিল ৰূপ ধাৰণ কৰিছে। সময় থাকোতেই যদি উচিত ব্যৱস্থা গ্ৰহণ কৰা নহয় তেতিয়া হ'লে হয়তো কামৰূপতো দিল্লীৰ দৰে ভয়ানক পৰিস্থিতিৰ সৃষ্টি হ'ব।

ABOUT THE AUTHOR

...view details