অসম

assam

By

Published : Jul 12, 2019, 9:10 PM IST

ETV Bharat / state

জলমগ্ন হাজোৰ কেইবাখনো গাঁও

পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে জলমগ্ন কৰিলে হাজোৰ কেইবাখনো গাঁও । ঘটনাস্থলীত উপস্থিত বিধায়িকা সুমন হৰিপ্ৰিয়া আৰু কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্য আৰু কামৰূপ জিলা আছু নেতা প্ৰকাশ চন্দ্ৰ দাস ।

জলমগ্ন হাজোৰ কেইবাখনো গাঁও

হাজো,১২ জুলাই : হাজোত ক্ৰমাৎ বৃদ্ধি পাইছে বানৰ ভয়াৱহতা। পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে হাজোৰ মনাহকুছিৰ বৰম্বৈ-হাজো,নয়নপুৰ সংযোগী মথাউৰীটো ছিঙি নিয়ে। ইয়াৰ পাছতে সমগ্ৰ অঞ্চল জলমগ্ন হৈ পৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় কেইবাখনো গাঁৱত।

জলমগ্ন হাজোৰ কেইবাখনো গাঁও

ইতিমধ্যে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ লগতে আৰু কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্য আৰু কামৰূপ জিলা আছু নেতা প্ৰকাশ চন্দ্ৰ দাস উপস্থিত হ'ল ঘটনাস্থলীত। ইয়াৰোপৰি,উদ্ধাৰ অভিযানৰ বাবে SDRF দলো আহি সাজু হয়। বিধায়িকা সুমন হৰিপ্ৰিয়াই জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা প্ৰদানৰো আশ্বাস প্ৰদান কৰে ।

ABOUT THE AUTHOR

...view details