অসম

assam

ETV Bharat / state

ৰঙিয়াত দীৰ্ঘদিনে বিকল পানী যোগান আঁচনি - ৰঙিয়া সংমণ্ডলৰ অধীনৰ ২নং ডিমু পানী যোগান আঁচনি

ৰঙিয়াৰ জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰ অন্তৰ্গত পানী যোগান আঁচনিসমুহৰ প্ৰায় 80 শতাংশ বৰ্তমান বিকল হৈ আছে । তেনে এক আঁচনি হৈছে ৰঙিয়া সংমণ্ডলৰ অধীনৰ ২নং ডিমু পানী যোগান আঁচনি । আঁচনিখন মুকলিৰ কিছুদিন পিছতে ৰাইজে ইয়াৰ অনিয়মসমূহ ধৰা পেলাই বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছিল । পিছে চকু মুদা কুলিৰ ভাও ধৰা বিভাগীয় কৰ্তৃপক্ষই এই বিষয়ে কোনো ধৰণৰ ব‍্যৱস্থা গ্ৰহণ নকৰিলে ।

Damaged water supply at rangia
বিকল পানী যোগান আঁচনি

By

Published : Feb 21, 2020, 10:50 AM IST

Updated : Feb 21, 2020, 1:00 PM IST

ৰঙিয়া,21ফেব্ৰুৱাৰীঃৰঙিয়াত ধোঁৱাচাঙত উঠিছে পানী যোগান আঁচনি ৷ ৰঙিয়াৰ জনস্বাস্থ‍্য কাৰিকৰী বিভাগৰ অন্তৰ্গত পানী যোগান আঁচনিসমুহৰ প্ৰায় 80 শতাংশ বৰ্তমান বিকল হৈ আছে । তেনে এক আঁচনি হৈছে ৰঙিয়া সংমণ্ডলৰ অধীনৰ ২নং ডিমু পানী যোগান আঁচনি । ২০০৮ চনত সম্পূৰ্ণ হোৱা এই আঁচনিখনৰ পৰা স্থানীয় ৰাইজে লাভ কৰা নাই কোনো ধৰণৰ সুবিধা ৷

বিকল পানী যোগান আঁচনি

আঁচনিখন আৰম্ভ হোৱাৰ পৰা কিছুদিনলৈ পানী যোগান ধৰি আহিছিল যদিয়ো পিছত পানী যোগান বন্ধ হৈ পৰে ৷ আঁচনিখন মুকলিৰ কিছুদিন পিছতে ৰাইজে ইয়াৰ অনিয়মসমূহ ধৰা পেলাই বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছিল । পিছে চকু মুদা কুলিৰ ভাও ধৰা বিভাগীয় কৰ্তৃপক্ষই এই বিষয়ে কোনো ধৰণৰ ব‍্যৱস্থা গ্ৰহণ নকৰিলে । সম্প্ৰতি ব্যৱহাৰৰ অভাৱত কেইবালাখটকীয়া মেচিন সমুহ জহি-খহি গৈছে ৷ অনাগত সময়ত জনপ্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় ৰাইজে অনুৰোধ জনায় ৷

লগতে চাওকঃচিটি বাছৰ বিৰুদ্ধে অভিযান পৰিবহন বিভাগৰ

Last Updated : Feb 21, 2020, 1:00 PM IST

ABOUT THE AUTHOR

...view details