অসম

assam

ETV Bharat / state

কামৰূপৰ দদৰাত মাস্ক প্ৰস্তুতত ব্যস্ত হাড়গিলা আৰ্মী - কৰ'ণা ভাইৰাছৰ ভয়াবহতা

কৰ'ণাৰ ভয়াৱহতাৰ বাবে ভাৰততো ঘোষণা কৰা লক ডাউনৰ ফলত গৃহবন্দী সৰ্বসাধাৰণ । তাৰ মাজতেই অসমীয়াৰ হেপাঁহৰ ৰঙালী বিহু ৷ কৰ'ণা ভাইৰাছৰ আতংক অসমতো অব্যাহত থকাৰ বাবে এইবেলি বিহুত নাই অন্যবাৰৰ দৰে উৎসাহ-উদ্দীপনা ৷

dadara-harggila-army-making-mask
কামৰূপৰ দদৰাত মাস্ক প্ৰস্তুতত ব্যস্ত হাড়গিলা আৰ্মীৰ সদস্য

By

Published : Apr 15, 2020, 5:15 PM IST


দদৰা, কামৰূপ, 15 এপ্ৰিল: মাৰাত্মক কৰণা ভাইৰাছৰ ফলত বিশ্বৰ প্ৰায়বোৰ দেশতে এতিয়া জৰুৰীকালীন অৱস্থা ৷ কৰ'ণাৰ ভয়াৱহতাৰ বাবে ভাৰততো ঘোষণা কৰা লক ডাউনৰ ফলত গৃহবন্দী সৰ্বসাধাৰণ । তাৰ মাজতেই অসমীয়াৰ হেপাঁহৰ ৰঙালী বিহু ৷ কৰ'ণা ভাইৰাছৰ আতংক অসমতো অব্যাহত থকাৰ বাবে এইবেলি বিহুত নাই অন্যবাৰৰ দৰে উৎসাহ-উদ্দীপনা ৷ বিহু পাতিব নোৱাৰিলেও কামৰূপৰ দদৰাত এই মাৰাত্মক ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ প্ৰয়োজন হোৱা মাস্ক প্ৰস্তুতত ব্যস্ত হৈ পৰিছে একাংশ মহিলা। এছিয়াৰ ভিতৰত সৰ্বাধিক হাড়গিলা প্ৰজনন হয় দদৰা গাঁওত ৷ এই হাড়গিলা সংৰক্ষণৰ বাবে ৪০০ জনীয়া সদস্যৰে গঠিত হাড়গিলা আৰ্মীৰ সদস্য এওঁলোক। গ্ৰীণ অস্কাৰ বঁটা বিজয়ী পূৰ্ণিমা দেৱী বৰ্মনৰ সহযোগিতাত দদৰাত মাস্ক প্ৰস্তুতত ব্যস্ত তেওঁলোক। মাস্ক প্ৰস্তুতৰ লগতে প্ৰকৃতিৰ সজাগতাৰ বাৰ্তা এই মাস্কত প্ৰতিলিপি আকাৰে দাঙি ধৰা হৈছে ৷

কামৰূপৰ দদৰাত মাস্ক প্ৰস্তুতত ব্যস্ত হাড়গিলা আৰ্মীৰ সদস্য

মাস্কত হাড়গিলা,অসম গৌৰৱ এশিঙীয়া গঁড়, হাতী,ময়ূৰৰ চানেকি দাঙি ধৰিবলৈ যত্ন কৰা হৈছে । বিগত বৰ্ষ সমূহত এনে বিভিন্ন চানেকিৰে গামোচা প্ৰস্তুত কৰি আহিছে যদিও এইবেলি গামোচাৰ সলনি মাস্ক প্ৰস্তুতত ব্যস্ত এওঁলোক । কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ বাবে বিহু পাতিব নোৱাৰিব অসমীয়াই,যাৰ বাবে অসমত গামোচাৰ বিক্ৰী এইবেলি পূৰ্বৰ দৰে নহয় । সেয়েহে মাস্ক প্ৰস্তুতেৰেও সজাগতাৰ চেষ্টা চলালে এই সকল মহিলাই ।

লগতে পঢ়ক :বিহুৱান নহয়,মাস্ক দিব পুৰণিগুদামৰ একাংশ মহিলাই

ABOUT THE AUTHOR

...view details