অসম

assam

ETV Bharat / state

আজাৰাত ডকাইতি কাণ্ড

কামৰূপৰ কমলপুৰ আজাৰাত ডকাইতি কাণ্ড ৷ ডকাইতৰ দলটোৰ এগৰাকী সদস্যক আটক কৰিবলৈ যাওঁতে জাহাংগীৰ আলীৰ পুত্ৰ জাহিৰ আলী আঘাতপ্ৰাপ্ত হয়৷

By

Published : Sep 21, 2019, 12:36 PM IST

আজাৰাত ডকাইতৰ দলৰ তাণ্ডৱ

বাইহাটা, 21 চেপ্টেম্বৰঃশুকুৰবাৰে নিশা কামৰূপৰ কমলপুৰ আজাৰাত এক ডকাইতি কাণ্ড সংঘটিত হয়৷ নিশা তিনিজনীয়া ডকাইতৰ দলে জাহাংগীৰ আলী নামৰ এজন লোকৰ ঘৰৰ গৃহস্থক তৰোৱালেৰে আক্ৰমণ কৰে ৷

আজাৰাত ডকাইতৰ দলৰ তাণ্ডৱ

ডকাইতৰ দলটোৰ এগৰাকী সদস্যক আটক কৰিবলৈ যাওঁতে জাহাংগীৰ আলীৰ পুত্ৰ জাহিৰ আলী আঘাতপ্ৰাপ্ত হয় ৷ অৱশ্যে পৰিয়ালটোৱে চিঞৰ বাখৰ কৰাত ঘটনাস্থলীত ওচৰ-চুবুৰীয়া উপস্থিত হয় আৰু ডকাইতৰ দলটোৱে পলায়ন কৰে ৷ আনহাতে স্থানীয় লোকে ডকাইতৰ দলটোৰ দ্বাৰা ব্যৱহৃত চেন্ট্ৰ' বাহনখন জব্দ কৰে ৷ ইয়াৰ পাচতে জব্দকৃত AS-12B-0482 নম্বৰৰ চেন্ট্ৰ বাহন খন স্থানীয় লোকে কমলপুৰ আৰক্ষীক চমজাই দিয়ে ৷ ডকাইতৰ দলটোৱে কোনো সা-সম্পত্তি ডকাইতি কৰিবলৈ সক্ষম নহ'ল যদিও সমগ্ৰ ঘটনাক লৈ বৃহত্তৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷

ABOUT THE AUTHOR

...view details