অসম

assam

ETV Bharat / state

ৰঙিয়াত ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি - ইটিভি ভাৰত

মুখত ক'লা কাপোৰ মেৰিয়াই থকা ডকাইতৰ দলটোৱে তৎমুহূৰ্ততে চোকা অস্ত্ৰ দেখুৱাই চালকজনৰ পৰা ধন আৰু ম'বাইল কাঢ়ি লৈ যায় । পাচত ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে ৰঙিয়া থানাক অৱগত কৰে । আৰক্ষীয়ে ডকাইতৰ দলটোৰ কোনো শুং-সূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই ।

rangia_dacoitY

By

Published : May 7, 2019, 9:11 AM IST

ৰঙিয়া , 7 মে' : ৰঙিয়াত মাজনিশা অস্ত্ৰ দেখুৱাই কাঢ়ি নিলে ম'বাইল আৰু নগদ ধন । ৰঙিয়াৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বঙালীকুছিত সোমবাৰে নিশা সংঘটিত হয় এই ডকাইতি ৷


চোকা অস্ত্ৰৰে সু-সজ্জিত 7-8 জনীয়া ডকাইতৰ এটা দলে এল্ট' গাড়ীৰ পৰা কাঢ়ি নিয়ে নগদ ধনসহ ম'বাইল । গুৱাহাটীৰ পৰা ৰঙিয়া অভিমুখে আহি থকা AS-01-DJ-3780 নম্বৰৰ এল্ট' গাড়ীখনত ডকাইতৰ দলটোৱে প্ৰথমে অতি কৌশলেৰে টায়াৰ ফুটাই দি চালক আৰু এজন যাত্ৰী থকা গাড়ীখন আগচি ধৰি চালকজনক মাৰধৰ কৰে ।

ৰঙিয়াত ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি

মুখত ক'লা কাপোৰ মেৰিয়াই থকা ডকাইতৰ দলটোৱে তৎমুহূৰ্ততে চোকা অস্ত্ৰ দেখুৱাই চালকজনৰ পৰা ধন আৰু ম'বাইল কাঢ়ি লৈ যায় । পাচত ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে ৰঙিয়া থানাক অৱগত কৰে । আৰক্ষীয়ে ডকাইতৰ দলটোৰ কোনো শুং-সূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই ।

ABOUT THE AUTHOR

...view details