ৰঙিয়া,21 এপ্ৰিলঃ লক ডাউন শিথিল হোৱাৰ পিছতে আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখা পোৱা গৈছে ৰাইজৰ সমাগম ৷ ৰঙিয়াতো দেখা গ'ল একেই দৃশ্য ৷ লক ডাউন শিথিল হোৱাৰ সুযোগ লৈ একাংশ গ্ৰাহকে বেংকসমূহত সৃষ্টি কৰিলে অভাৱনীয় পৰিস্থিতিৰ ৷ লক ডাউনৰ সকলো নীতি-নিয়ম উলংঘা কৰি গাতে গা লগাই ৰঙিয়াৰ প্ৰায় কেইটা বেংকতে শাৰী পাতিলে গ্ৰাহকে ৷ বিশেষকৈ ৰঙিয়াৰ ষ্টেট বেংক আৰু ইউনিয়ন বেংকত দেখা গ'ল গ্ৰাহকৰ অভাৱনীয় ভিৰ ৷ গ্ৰাহকৰ ভিৰ নিয়ন্ত্ৰণত আৰক্ষী প্ৰশাসন ব্যৰ্থ হোৱাক লৈ এতিয়া ৰঙিয়াৰ সচেতন মহলেও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷
লক ডাউন উলংঘা কৰি ৰঙিয়াৰ বেংকত গ্ৰাহকৰ ভিৰ - Customer Crowds at Rangia's banks at rangia assam etv bharat news
ৰঙিয়াত গাতে গা লগাই শাৰী পাতি বেংকৰ পৰা ধন উলিয়ালে গ্ৰাহকে ৷ ব্যৰ্থ ৰঙিয়াৰ আৰক্ষী প্ৰশাসন ৷
লক ডাউন উলংঘা কৰি ৰঙিয়াৰ বেংকত গ্ৰাহকৰ ভিৰ