বাইহাটা চাৰিআলি,14 জুন : পুনৰ দেশৰ হকে প্ৰাণ দি শ্বহীদ হ’ল কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ ডিমু পালৰা গাঁৱৰ সুনীল কলিতা । দুমাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল জোৱানগৰাকী ৷
মাওবাদীৰ আক্ৰমণত শ্বহীদ অসমৰ বীৰ পুত্ৰ - মাওবাদী
ঝাৰখণ্ডৰ চাৰিকেলা জিলাৰ ঘন অৰণ্যত মাওবাদীৰ আই ই ডি বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছিল সুনীল কলিতা নামৰ কোব্ৰা জোৱান গৰাকী । আঘাত গুৰুতৰ হোৱাত জোৱান জনক দিল্লীৰ এইমচত ভৰ্তি কৰাই যদিও বৃহস্পতিবাৰে বিয়লি প্ৰায় 7 বাজি 40 মিনিটত মৃত্যুৰ ওচৰত হাৰ মানে বীৰ জোৱানগৰাকীয়ে ।
![মাওবাদীৰ আক্ৰমণত শ্বহীদ অসমৰ বীৰ পুত্ৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3555481-881-3555481-1560489801908.jpg)
ঝাৰখণ্ডৰ চাৰিকেলা জিলাৰ ঘন অৰণ্যত মাওবাদীৰ আই ই ডি বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছিল সুনীল কলিতা নামৰ কোব্ৰা জোৱান গৰাকী । আঘাত গুৰুতৰ হোৱাত জোৱান জনক দিল্লীৰ এইমচত ভৰ্তি কৰাই যদিও যোৱা বৃহস্পতিবাৰে বিয়লি প্ৰায় 7 বাজি 40 মিনিটত মৃত্যুৰ ওচৰত হাৰ মানে বীৰ জোৱানগৰাকীয়ে । পালৰা গাঁৱৰ মদন কলিতা আৰু কৈশল্যা কলিতাৰ বৰ পুত্ৰ আছিল সুনীল । সৰুৰে পৰা অতি নম্ৰ তথা ভাল ক্ৰিকেট খেলুৱৈ ৰূপে পৰিচিত সুনীল 2011 চনত চি আৰ পি এফ ত যোগদান কৰে । 209 নং কোব্ৰা বেটেলিয়ন কামাণ্ডো ৰূপে কৰ্মৰত সুনীল কলিতাৰ মৃত্যুত শোকৰ ছাঁ পৰিছে সমগ্ৰ ৰাজ্যতে । বীৰ জোৱানগৰাকীয়ে মাথো দুমাহ পূৰ্বে বিবাহ পাশত আবদ্ধ হৈছিল ৷