কামৰূপ, 3 ফেব্ৰুৱাৰীঃ ৰাণীত CRPFএ দৰিদ্ৰ পৰিয়াললৈ আগবঢ়ায় সহায়ৰ হাত । সোমবাৰে CIVIL ACTION PROGRAMME নামৰ এক অনুষ্ঠানৰ জৰিয়তে মহানগৰীৰ সমীপৰ ৰাণী হাইস্কুলত এক অনুষ্ঠানৰ আয়োজন কৰে CRPFএ ৷ এই অনুষ্ঠানত CRPFৰ বিষয়া এছ চি শৰ্মাই অংশগ্ৰহণ কৰি অসামৰিক দৰিদ্ৰ লোকক জীৱন যাপনৰ বাবে কিছু সহায়ৰ হাত আগবঢ়োৱাৰ কথা ব্যক্ত কৰে ৷ লগতে অনুষ্ঠানত দৰিদ্ৰ সীমা ৰেখা তলৰ লোকসকলক সৌৰ বিজুলী চাকি, পানীৰ ড্ৰাম, গাহৰিৰ পোৱালি, টিনপাত আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰে ৷ ইয়াৰ উপৰিও দৰিদ্ৰ লোকৰ ক্ৰীড়াপ্ৰেমী খেলুৱৈসকলক জোতা, খেলৰ পোচাক, ফুটবল, নেট, ইত্যাদি যোগান ধৰে ৷ ৰাণী অঞ্চলবাসী ৰাইজে ইয়াৰ শলাগ লোৱাৰ উপৰিও ধন্যবাদ জ্ঞাপন কৰে CRPFক ৷ অনুষ্ঠানৰ শেষত স্থানীয় লোকসকলৰ সৈতে বিহু নৃত্য প্ৰদৰ্শন কৰি অনুষ্ঠান সামৰণি মাৰে CRPF জোৱানসকলে ৷
ৰাণীত দৰিদ্ৰ পৰিয়াললৈ সহায়ৰ হাত CRPF ৰ - CIVIL ACTION PROGRAMME
সোমবাৰে CIVIL ACTION PROGRAMME নামৰ এক অনুষ্ঠানৰ জৰিয়তে মহানগৰীৰ সমীপৰ ৰাণী হাইস্কুলত এক অনুষ্ঠানৰ আয়োজন কৰে CRPFএ ৷ অনুষ্ঠানত দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোকসকলক সহায়ৰ হাত আগবঢ়ায় CRPFএ ৷
ৰাণীত দৰিদ্ৰ পৰিয়াললৈ সহায়ৰ হাত CRPF ৰ
উল্লেখ্য যে, CRPFক দেশৰ শান্তি শৃংখলা অটুত ৰখাৰ দায়বদ্ধতা অৰ্পণ কৰিছে চৰকাৰে ৷ সেই দায়িত্ব অটুট ৰাখি দেশলৈ আগবাঢ়োৱা সেৱাৰ বাবে CRPF ক “শান্তি ৰক্ষক” আখ্যা দিয়া হৈছে ৷ ইয়াৰ উপৰিও CRPFএ দুখীয়া দৰিদ্ৰ লোকৰ উন্নয়নৰ হকে CIVIL ACTION PROGRAMME নামৰ এক অনুষ্ঠানৰ জৰিয়তে কল্যানমূলক আঁচনি হাতত লৈছে ৷
আৰু পঢ়কঃ বুঢ়ীদিহিং নদীত অগ্নিকাণ্ড