অসম

assam

ETV Bharat / state

ৰঙিয়াত খেতিপথাৰ তচনচ কৰিলে বানে - ৰঙিয়া

ৰাজ্যৰ সংহাৰী বানে চহা খেতিয়ক সকলৰ খেতিপথাৰো তচনচ কৰিছে ৷ শ শ বিঘা ৰবি শস্য পানীৰ মাজত ডুব যোৱাত কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷

ৰঙিয়াত খেতিপথাৰ তচনচ কৰিলে বানে

By

Published : Jul 20, 2019, 5:37 PM IST

ৰঙিয়া, 20 জুলাই : ৰাজ্যৰ বিধ্বংসী বানে বহুলোক আৰু পশুধনৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে নষ্ট কৰিলে খেতিয়ক সকলৰ জীৱিকাৰ একমাত্ৰ উৎস খেতিপথাৰৰ শস্য ৷ যোৱা কিছুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত বৰলীয়া নৈ পানীৰে উপচি পৰাত বহু অঞ্চল বানত বুৰ গৈছে ৷ ইয়াৰ ফলত নষ্ট হৈছে শ শ বিঘা ৰবিশস্য ৷ লাউ, জিকা, ভোল, কেৰেলা, তিয়ঁহকে আদি কৰি বহু পাচলিৰ বাগানত পানী উঠাৰ ফলত মৰহি গৈছে ।

ৰঙিয়াত খেতিপথাৰ তচনচ কৰিলে বানে

ঋণ লৈ খেতি কৰা কৃষক সকলে এতিয়া হাহাকাৰ কৰিবলগা হৈছে । কিন্তু এনে পৰিস্থিতিটো খেতিয়কৰ কল্যাণৰ জয়গান গোৱা বিয়াগোম কৃষি বিভাগৰ কোনো লোকে অদ্যপি খবৰ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ৷ ৰঙিয়া প্ৰশাসনেও খেতিয়ক সকলৰ কোনো ধৰণৰ খবৰ নোলোৱাত উপায়ন্তৰ হৈ পৰিছে ৰঙিয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ খেতিয়ক সকল ।

ABOUT THE AUTHOR

...view details